মাজুলীৰ কৃষকক গুৱাহাটীৰ "মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড"ৰ ৰামঠগন...

সৰিয়হ আৰু মটৰমাহৰ বীজ দিয়াৰ নামত চলালে লুন্ঠন।
মাজুলীৰ কৃষকক গুৱাহাটীৰ "মেচাৰ্জ  প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড"ৰ ৰামঠগন...

ডিজিটেল সংবাদ, মাজুলী : মাজুলী জিলাৰ সহজ সৰল একাংশ কৃষকক এইবাৰ ৰামঠগন দিলে গুৱাহাটীস্থ এটা তথাকঠিত স্বেচ্ছাসেৱী সংগঠনে । গুৱাহাটীৰ " অলকা পেলেচ, জ্যোতিকুছি, লখৰা ৰোডৰ মেৰ্চাজ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই মাজুলীৰ শ শ কৃষকক সৰিয়হ আৰু মটৰ মাহৰ বীজ দিয়াৰ নামত কৰিলে চুড়ান্ত প্ৰৱঞ্চনা । আনকি সৰিয়হ আৰু মটৰ মাহৰ খেতিৰ ফচল বীমা আৰু প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডত পঞ্জীয়নৰ নামত মাজুলীৰ কৃষকৰ পৰা নগদ ১৭২৫.০০ টকাকৈ লৈ চলালে এক ভয়ানক লুন্ঠন । মাজুলীৰ বৰগঞাত ভুক্তভোগী কৃষকসকলে আয়োজন কৰা এক সংবাদমেলত উক্ত বিস্ফোৰক অভিযোগ কৰে ।

সংবাদমেলত কৃষক কমল পায়েং, ভূপেন বৰা, জয়ন্ত দাস, জয়ন্ত মেধি, মানস দাস আদিয়ে মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ লুন্ঠন তথ্য সহকাৰে প্ৰকাশ কৰে । উক্ত, কৃষকসকলে আজি সংবাদমেলত সদৰী কৰা তথ্য অনুসৰি, মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ পৰিচালন সঞ্চালক হেমন্ত কুমাৰ গগৈৰ নেতৃত্বত চলালে উক্ত লুন্ঠন । গগৈৰ নেতৃত্বত মাজুলীৰ সৰ্বত্ৰ কোণত মাজুলীৰ কৃষকক সৰিয়হ আৰু মটৰ মাহৰ খেতিৰ বাবে নগদ ধনৰ ঋণ দিব বুলি যোৱা ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত চলালে ব্যাপক প্ৰচাৰ । উক্ত, প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডে মাজুলীৰ কৃষকক নগদ ৪০,৫০০ টকাকৈ সৰিয়হ আৰু মটৰমাহৰ খেতিৰ বাবে দিব বুলি প্ৰলোভন দি কৃষক পঞ্জীয়ন কৰিলে । হেমন্ত কুমাৰ গগৈৰ অধীনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ পৰা পান কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, ফটো সংগ্ৰহ কৰি কৰিলে পঞ্জীয়ন । মাজুলীৰ সহজ সৰল কৃষকক নগদ ৪০,৫০০ টকা দিয়াৰ প্ৰলোভন দি মাষ্টাৰ মাইণ্ড হেমন্ত কুমাৰ গগৈয়ে মাজুলীৰ কৃষক পঞ্জীয়নৰ বাবে মাজুলী জিলা কৃষক সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰিও ললে ।

মেৰ্চাজ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ উক্ত জিলা সমিতিয়ে মাজুলীৰ কৃষকক এফালৰ পৰা পঞ্জীয়ন কৰি গ'ল । পঞ্জীয়ন মাছুল আৰু শস্যৰ ফচল বীমাৰ নামত জিলা সমিতিয়ে প্ৰতিজন কৃষকৰ পৰা নগদ ১৭২৫ টকাকৈ ললে । এখন মাত্ৰ কেঁচা ৰিচিপ্ত প্ৰদান কৰি মাজুলীৰ পঞ্জীয়ন ভূক্ত কৃষকসকলৰ পৰা ১৭২৫ টকাকৈ উক্ত মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডে সংগ্ৰহ কৰিছিল ।

মাজুলীৰ ৭০০০( সাত হেজাৰ) কৃষকক পঞ্জীয়ন কৰাৰ লক্ষ্য লৈ জিলা সমিতিয়ে ব্যাপক মাত্ৰাত ধন সংগ্ৰহ কৰিলে । মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ নীতি অনুসৰি উক্ত ৭০০০ কৃষকক ৫ জনকৈ গোট গঠন কৰি ১৪০০ টা গোট গঠন কৰিছিল । ( অথাৎ ১৪০০×৫ =৭০০০) ১৪০০ টা গোটৰ ৭০০০ কৃষকক লৈ মেচাৰ্জ প্ৰাগজ্যোতি এগ্ৰটেক লিমিটেডে মাজুলীত বৃহৎ জাল পেলালে ।

উক্ত, প্ৰথম পৰ্যায়ত কৃষকক নগদ ৪০,৫০০ টকা দিয়াৰ চুক্তি কৰিলে । উক্ত টকাৰ পঞ্চাশ শতাংশ সম্পূৰ্ণ ৰেহাই আৰু পঞ্চাশ শতাংশ অথাৎ ২০,২৫০ টকা ঘূৰাই দিব লাগিব বুলি কৃষকক চুক্তি বদ্ধ কৰালে ।

উক্ত, প্ৰকল্পৰ প্ৰথম পৰ্যায়ত পৰিচালন সঞ্চালক হেমন্ত কুমাৰ গগৈয়ে গঠন কৰি দিয়া মাজুলীৰ জিলা সমন্বয়কসকলেও মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডত পঞ্জীয়ন আৰু শস্যৰ বীমাৰ নামত ১৭২৫ টকাকৈ মাজুলীৰ কৃষকৰ পৰা সংগ্ৰহ কৰিলে । বহুতো কৃষকে নগদ ৪০,৫০০ টকা পোৱাৰ আশাত ১৭২৫ টকাকৈ দি পঞ্জীয়ন কৰিলে ।

কিন্তু, উক্ত পঞ্জীয়নৰ পাছত মাজুলীৰ কৃষকক দিয়া প্ৰাপ্তিৰ ৰিচিপ্তটোত একাংশ কৃষকৰ সন্দেহ হৈছিল । উক্ত প্ৰাপ্তিৰ ৰিচিপ্তটোত ফচল বীমাৰ কথা উল্লেখ নথকাত কৃষকসকলে সন্দেহ প্ৰকাশ কৰিছিল । মাজুলীৰ কৃষকসকলে ১৭২৫ টকা পঞ্জীয়ন কৰাৰ পাছত প্ৰতিশ্ৰুতি মতে ৪০,৫০০ টকাৰ কোনো নগদ ধন নাপালে । যোৱা ছেপ্টেম্বৰ মাহৰ পৰা কৃষকে মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ লগত যোগাযোগ কৰি কৰি হায়ৰান হৈ পৰিল ।

উক্ত, প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ ঘোষণা অনুসৰি কৃষক পঞ্জীয়ন কৰাৰ পাছত মাজুলীৰ জিলা উপায়ুক্তৰ জৰিয়তে অনুমোদন লব, মাজুলীৰ কৃষি বিভাগৰ জৰিয়তে কৃষক প্ৰশিক্ষণ দিব আৰু নগদ ৪০৫০০ টকাৰ ঋণ দিয়া হব বুলি ব্যাপক প্ৰচাৰ চলালে । মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেডৰ পৰিচালন সঞ্চালক হেমন্ত কুমাৰ গগৈয়ে মাজুলীত গঠন কৰি দিয়া সমিতিখন আছিল অজয় পগাগ, জিলা সমন্বয়ক ( গুৱালাবাৰী মিচিং ),জয়ন্ত শইকীয়া ( দক্ষিণপাট ), মাইনু শইকীয়া, ( মোহনপুৰ ), ৰশ্মি ৰেখা হাজৰিকা ( বৰবাৰী) আৰু নৱনীতা নেওগ ( কাকৰিকটা) । উক্ত সমিতিখনে জিলাখনত প্ৰৱঞ্চনাৰ জাল পেলাই লাখ লাখ টকা সংগ্ৰহ কৰিলে ।

মাজুলীৰ শ শ কৃষকক নগদ ধনৰ লোন দিয়াৰ নামত ১৭২৫ টকাকৈ পঞ্জীয়ন কৰি চুড়ান্ত প্ৰৱঞ্চনা কৰা উক্ত মেচাৰ্জ প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড আৰু মাজুলী জিলা সমন্বয়ৰক্ষী সমিতিক দৃষ্টান্তমূলক শাস্তি দিবলৈ প্ৰৱঞ্চিত কৃষকসকলে দাবী জনাইছে আৰু কৃষকসকলৰ পৰা লোৱা পঞ্জীয়ন মাচুল ১৭২৫ তৎকালীনভাৱে ঘূৰাই দিবলৈ দাবী জনাইছে অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা বুলি আজি জানিবলৈ দিছে । এই ক্ষেত্ৰত মাজুলীৰ জিলা প্ৰশাসনৰ হস্তক্ষেপো ভূক্তভোগী কৃষকসকলে কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in