পথালিপাহাৰৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত সমাজৰ সমূহীয়া অনুস্থানত বিশাল শোভাযাত্ৰা...

author-image
Asomiya Pratidin
New Update
পথালিপাহাৰৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত সমাজৰ সমূহীয়া অনুস্থানত বিশাল শোভাযাত্ৰা...

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলা মিছন কাৰ্যালয়ৰ সৌজন্যত পথালিপাহাৰ সম্প্ৰসাৰণ ১ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত স্থানীয় ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ৰাইজৰ সমূহীয়া উৎসৱ,২০২২ উলহ মালহেৰে শেহতীয়াকৈ উদযাপন কৰা হয়।

Advertisment

উক্ত সমাজৰ সমূহীয়া অনুষ্ঠানত পথালিপাহাৰৰ সমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা শুভাকাংক্ষী সকলে অংশগ্ৰহণ কৰাৰ লগতে শোভাযাত্ৰাৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলা আঁচনি বিষয়া নিভাৰণী শইকীয়াই আৰু সমূহ কাৰ্যসূচী ভাগ সফল ৰূপায়নত আগভাগ লয় পথালিপাহাৰ CRCC ৰমেন গগৈয়ে।

আৰু পঢ়ক : কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত বৃদ্ধৰ মৃত্যু

assam bandardewa