নগাঁও, লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ ডি জি পিৰ

নগাঁও, লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ ডি জি পিৰ

ডিজিটেল ডেস্ক : জোনমণি দলেৰ মৃত্যু সন্দৰ্ভত চি আই ডিৰ সংবাদমেলৰ প্ৰায় আধাঘন্টা পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দিলে এক নতুন নিৰ্দেশ । এই নিৰ্দেশ অনুসৰি নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাক বলদিৰ সিদ্ধান্ত লৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । ইয়াৰ ওপৰিও সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতলৈ যোৱাৰ সম্ভাৱনা দেখা দিছে ।

উল্লেখ্য যে, ১৯ মে'ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা জাৰী কৰা হৈছিল আন এক নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ নিৰ্দেশত চাৰিগৰাকীকৈ আৰক্ষী বিষয়াক হেডকোৱাৰ্টাৰ ক্ল'জ কৰা হৈছিল তাৎক্ষণিক ৰূপত ।

এই নিৰ্দেশাৱলীৰ পাছত চি আই ডি জৰুৰীকালীন সংবাদ মেলৰ আয়োজনে সূচাইছিল যে, সমগ্ৰ ঘটনাটিত গুৰুত্ব আৰোপ কৰাৰ থল আছিল । আৰু তাৰ পাছতেই সংবাদ মেলৰ আধাঘন্টা পূৰ্বে অহা বদলিৰ নিৰ্দেশে এই সম্ভাৱনাক আৰু অধিক দৃঢ় কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে । এনেস্থলত হয়তো পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ঘটনাৰ তদন্ত চি বি আইৰ হাতলৈ যাব পাৰে ।

নগাঁও, লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ ডি জি পিৰ
আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in