/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/jdkjd.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: দৰং জিলাত হৈ থকা প্ৰলয়নকাৰী বানপানীৰ কথা সৰ্বজনবিদিত ৷ বহু মানুহৰ ঘৰ মূধচৰ ওপৰেৰে পানী গ'ল ৷ তেনে সময়তে চৰকাৰে দিয়া সাহায্যৰ পৰা বঞ্চিত হ'ল মঙলদৈৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত চাউলখোৱা পঞ্চায়ত ১০ নং ৱাৰ্ডৰ ২নং ধৰিয়াখাইটি ৰাইজ ৷ ধৰিয়াখাইটিৰ প্ৰায় একশৰো অধিক পৰিয়াল এককাল, এবুকু বান পানীত কক বকাই দহ পোন্ধৰ দিন থকাৰ পিছতো আজিলৈ নাপালে এমুঠি চাউল ৰাজ সাহাৰ্য, পশু ধনৰ বাবে এমুঠি গুদা।
চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি সময়ত হাত খুলি সাহায্য দিবলৈ দৰঙৰ উপায়ুক্তক তীব্ৰ ভাষাৰে নিৰ্দেশ দিছিল তেনে সময়তে চাউল খোৱা পঞ্চায়তৰ ধৰিয়াখাইটিৰ বানপিড়িতৰ চৰকাৰী প্ৰতিনিধি আনকি পঞ্চায়ত পৰ্যায়ৰ কোনো প্ৰতিনিধিয়েও এবাৰ খবৰ নল'লে। এমুঠি চাউলো তেওঁলোকক নিদিলে।ৰাইজৰ অভিযোগ পঞ্চায়ত খনৰ সভানেত্ৰীৰ স্বামী ঠিকাদাৰ ৰূপি শিক্ষক চাহানুদ্দিনৰ বিৰুদ্ধে ৷ ঠিকাদাৰ ৰূপি শিক্ষক চাহানুদ্দিনে দেৱানী গিৰি কৰি ধৰিয়াখাইটিৰ ৰাইজক শোষণ কৰি আছে। পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে আত্মসাৎ কৰিলে ৰিলিফৰ চাউল, ডালি, তেল,তিৰপাল ৷
চাউলখোৱা পঞ্চায়ত ১০ নং ৱাৰ্ডৰ ২নং ধৰিয়াখাইটি ৰাইজে দৰং জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টি তদন্ত কৰি ঠিকাদাৰৰূপী শিক্ষক চাহানুদ্দিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনালে ৷
আৰু পঢ়ক: ভয়ংকৰ! এখন ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ ৪৬ গৰাকীৰ মৃতদেহ, সংকটজনক ১৬ জন…