আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া

আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া

ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ "আপকু"ৰ ষষ্ঠদশ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ দেওবাৰে সামৰণি পৰে। সেই উপলক্ষে আজি দিনৰ ১২ বজাৰ পৰা আপকুৰ কেন্দ্ৰীয় সভাপতি স্বপন কুমাৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাখন ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুতে উদ্বোধন কৰি সমাজ গঠনত সাংবাদিক সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোকপাত কৰে।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব ৰিতুল বৰুৱাই আঁত ধৰা সভাখনত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। তেওঁ কয় যে, এইখন ৰাজ্য চৰকাৰে অসমৰ সাংবাদিক সকলক উৎসাহ আৰু সাহস যোগোৱাৰ ক্ষেত্ৰত চুড়ান্ত ভাৱে অৱহেলা কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত সাংবাদিকসকলৰ কাৰণে গ্ৰহণ কৰা সাংবাদিক পেঞ্চন,ফেলশ্বীপ আৰু এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ কথা উল্লেখ কৰি নিতুমণি শইকীয়াই কয় যে যি খন চৰকাৰে বিহু নাচনীক ২৫ হাজাৰকৈ টকা দি আকৌ দিল্লীত বিহু নচুৱাৰ কথা ঘোষণা কৰিছে,শিল্পী-সাহিত্যিক, ক্ৰীড়া বিদক বিভিন্ন সুবিধা প্ৰদান কৰিছে সেইখন চৰকাৰে সাংবাদিক সকলৰ প্ৰতি পিঠি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক।

যোৱা ১৫ আগষ্টতে ঘোষণা কৰিবলগীয়া সাংবাদিক পেঞ্চনাৰৰ নাম আজিও ঘোষণা নকৰাত তেওঁ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ষেপ প্ৰকাশ কৰে। আপকুৰ গহপুৰ মহকুমা সমিতিৰ সভাপতি বিশ্বজ্যোতি সেনাপতিয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত নিতুমণি শইকীয়াই আৰু কয় যে, গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ ভিতৰৰ ন্যায়পালিকা, বিধানমণ্ডল আৰু কাৰ্য্যপালিকাৰ বাহিৰে- ভিতৰে কেতিয়াবাই ঘূণে ধৰিলে।

এতিয়া লাহে লাহে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ গাতো ঘূণে ধৰিবলৈ লৈছে। একাংশ পাবত গজা সাংবাদিকৰ কাৰণে সংবাদ জগতৰ পৰিৱেশ কলূষিত হ'বলৈ লোৱা বুলি উল্লেখ কৰি নিতুমণি শইকীয়াই কয় যে সাংবাদিক হোৱাৰ ক্ষেত্ৰত যদি অন্তৰৰ তাগিদা নাথাকে তেনেহ'লে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে সাংবাদিক হ'বলৈ কেতিয়াও আগবাঢ়ি আহিব নালাগে।

সাংবাদিকসকল সমালোচনাৰো সন্মুখীন হোৱাৰ সাহস থাকিব লাগিব। ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ নৈতিকতা প্ৰতিজন সাংবাদিকৰ থকাটো বাঞ্চনীয় বুলি উল্লেখ কৰি নিতুমণি শইকীয়াই সাংবাদিকতাৰ সম্যক জ্ঞান নথকাকৈ কেৱল জনপ্ৰিয়তা আৰু সামাজিক স্থিতি সবল কৰাৰ আশাত সাংবাদিক হ'বলৈ অহা সকলক সাংবাদিকতা ক্ষেত্ৰখনৰ পৰা আঁতৰি যাবলৈ তেওঁ সকীয়নী দিয়ে।

বৰ্তমানৰ গৰিষ্ঠ সংখ্যক সাংবাদিকৰ দৃঢ়তা, আত্মবিশ্বাস, জ্ঞান, ত্যাগ, ব্যক্তিত্ব,অধ্যয়ন আৰু মনোবল নাই বুলি উল্লেখ কৰি নিতুমণি শইকীয়াই আৰু কয় যে এগৰাকী আদৰ্শ সাংবাদিক সকলৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিব পাৰিব লাগিব। প্ৰেছ কাৰ্ড খনক এটিএম কাৰ্ড হিচাপে ভবা সাংবাদিক সকলক আজিৰ মঞ্চৰ পৰা কঠোৰ ভাষাৰে সমালোচনা কৰে নিতুমণি শইকীয়াই।

সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই কয় যে, এনেধৰণৰ সভাৰ পৰা বহু কথা শিকিব পৰা যায়। সুশৃংখল সমাজ গঢ়াৰ ক্ষেত্ৰত সাংবাদিক সকলৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম বুলি উল্লেখ কৰি উৎপল বৰাই কয় যে অস্ত্ৰ-শস্ত্ৰতকৈ এটা কলমৰ শক্তি বহুত।

এখন সমাজক শুদ্ধ পথে নিয়াৰ দায়িত্ব সাংবাদিকসকলৰ বুলি উল্লেখ কৰি উৎপল বৰাই কয়- নেতিবাচক সমালোচনাতকৈ ধনাত্মক সমালোচনাৰ ওপৰত সংবাদ মাধ্যমে গুৰুত্ব দিয়া উচিত। সভাখনত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰশান্ত নেওগ,দেৰগাঁও ডি কে ডি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ধীৰেণ তামুলী বিশিষ্ট অতিথি আৰু অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা,আপকুৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক শৰৎ শেনছোৱা,আপকুৰ মুখ্য উপদেষ্টা মনোজ সিং আৰু গুৱাহাটীৰ আপকুৰ মুখ্য কাৰ্য্যলয় দাতা অকন শইকীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

ইপিনে আপকুৰ ষষ্ঠদশ গহপুৰ মধ্যকালীন অধিৱেশনৰ আজিৰ মুকলি সভাত কেইবাটাও সাংবাদিক বঁটা প্ৰদান কৰা হয়। সেই অনুসৰি-ডিব্ৰুগড়ৰ মনোজ সিঙক আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়া সোঁৱৰণী "আপকু জীৱনজোৰা সাধনা বঁটা-২০২৩",শিৱসাগৰৰ পদুম কুমাৰ শইকীয়াক আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান প্ৰয়াত ভৱেশ বৰুৱা সোঁৱৰণি "আপকু জীৱনজোৰা সাধনা বঁটা-২০২৩", গোলাঘাট ধনশিৰিৰ হেমন্ত মহন্ত আৰু কামৰূপ নগৰবেৰাৰ আবুল কালাম আজাদক "আপকু সদস্য মহীয়ান বঁটা-২০২৩",গোলাঘাটৰ ভবানন্দ কলিতাক "ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণি বঁটা-২০২৩",কামৰূপ মেট্ৰ'ৰ ৰতন কলিতা আৰু কাৰ্বি আংলংৰ ৰবীন বৰুৱাক "আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা-২০২৩" আপকুৰ তিনিচুকীয়া জিলা সমিতি আৰু আপকুৰ শোণিতপুৰ জিলা সমিতিক প্ৰদান কৰা হয় "আপকুৰ শ্ৰেষ্ঠ জিলা সমিতি বঁটা-২০২৩"।

উক্ত সভাতে আপকুৰ শিৱসাগৰ জিলা সমিতি আৰু কোঁৱৰপুৰ প্ৰেছ ক্লাৱে বিশ্বনাথ চাৰিআলিৰ অকণ শইকীয়াক প্ৰদান কৰে কৰ্মযোগী বঁটা। আপকুৰ গহপুৰ মহকুমা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা অধিৱেশনত সহযোগিতা আগবঢ়োৱা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি নৱজিৎ শইকীয়া,সম্পাদক ৰূপজ্যোতি শইকীয়া আৰু গহপুৰ মহকুমা সমিতিৰ সভাপতি বিশ্বজ্যোতি সেনাপতি আৰু সম্পাদক হেমন্ত বৰুৱাৰ লগতে অভ্যৰ্থনা সমিতিয়ে।

আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া
পৰিস্কাৰ-পৰিচ্চন্নতাৰ নিদৰ্শন দেখুৱাইছে এটি চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in