/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e53ab005-ea74-4eca-9992-b7b19b9815f4/371.jpg)
ডিজিটেল সংবাদ,নগাঁও : পৰিস্কাৰ-পৰিচন্নতাৰ নিদৰ্শন দেখুৱাইছে এটি চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ৷ কৰ্মস্থলীক পবিত্ৰ স্থানলৈ পৰ্যবেক্ষিত কৰি তুলিছে ৭০জনকৈ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৷ সিমানে নহয় খৰাঙ প্ৰবৰ এলেকাত থকা কাৰ্যালয়টোৰ চৌহদটিত ৰোপন কৰা হৈছে নিম পুলি ৷ ১০০ নিম পুলি ৰোপন কৰি চৰকাৰী কাৰ্যালয়টোৰ চৌহদটো সেউজীয়া আবৰণেৰে আবৰিব বিচাৰিছে ৷
নগাঁও জিলাৰ কঠিয়াতলিত থকা চৰকাৰী কাৰ্যালয়টোয়ে বৰ্তমান এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ নামবৰ লালুঙ গাঁৱত পঞ্চায়তত আছে কঠিয়াতলি জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডল বিষয়া কাৰ্যালয় ৷ কাৰ্যালয়টোৰ উপ সংমণ্ডলটোৰ বিষয়াজনৰ নাম হৈছে অনুপ কুমাৰ দাস ৷ বিষয়া দাসৰ নেতৃত্বতে ২০২২ চনৰ পৰা এক জাগৰণ আনিবলৈ চেষ্টা কৰা হৈছিল কাৰ্যালয়টোত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2ae34136-198a-4210-b101-282b9c31b577/0e8eb130_a2d3_43c7_ad5f_101f53b9d2ed.jpg)
বিষয়া দাস আৰু আন বিষয়া কৰ্মচাৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত কাৰ্যালয়টোত গঢ়ি উঠা পৰিবেশে এতিয়া নিদৰ্শনৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাত ৷ কাৰ্যালয়টোত কোনো লোকে জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰে ৷ সকলোৱে জোতা চেণ্ডেল বাহিৰত খুলি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই কাৰ্যালয় চৌহদত উপস্থিত হওঁতে জোতা খুলি কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰা বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8054f2fb-2148-4cdc-9858-e611a9119b33/c8959654_6c8b_4e64_948f_c17388815d1c.jpg)
পুৱা কাৰ্যালয় খোলাৰ সময়ত প্ৰতিষ্ঠা কৰা থাপনাত এগছি চাকি জলোৱা হয় ৷ প্ৰতিজন কৰ্মচাৰীয়ে সেৱা কৰি দিনটোৰ চৰকাৰী কৰ্ম সম্পাদনকৰে ৷ কাৰ্যালয়টোৰ আন এক উল্লেখযোগ্য দিশ হৈছে কৰ্মচাৰীৰ টেবুলত এটিও ফাইল নথকাটো ৷ প্ৰতিদিনে ফাইলৰ কাম সম্পূৰ্ণ কৰি বিষয়া কৰ্মচাৰীয়ে নিদিষ্ট আলমিৰাত ফাইলসমূহ সুন্দৰভাৱে থৈ দিয়ে ৷ কোনো টেবুলত ফাইল বা কোনো নথি জমা হৈ পৰি নাথাকে ৷
ইয়াৰোপৰি আহাৰ খাবলৈ হোটেলত গৈ সময় নষ্ট নকৰে এজনো কৰ্মচাৰীয়ে ৷ কৰ্মচাৰীসকলে নিজাকৈ স্থাপন কৰি লৈছে এখন কেন্টিন ৷ চাহ,দুপৰীয়া আহাৰ , বিয়লিৰ চাহ আদি ঘৰুৱা পৰিৱেশত গ্ৰহণ কৰে তেওঁলোকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/89d583d7-77bc-4d29-b195-d68f0d3dd656/70ce1200_4727_4c71_9cca_7a373aceb221.jpg)
ইফালে ৰোপন কৰা পুলিসমূহ ঠন ধৰি উঠিছে ৷ ৬০ টাকৈ নিম পুলি ঠন ধৰি উঠাৰ পিছত পুনৰ ৪০ টা পুলি ৰোপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ বাহিৰেও বিভিন্ন ফল-মূলৰ পুলিও ৰোপন কৰা হৈছে কাৰ্যালয়টোৰ চৌহদত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7a9ba5c5-f56a-4bbf-b51d-878aaaa0dd19/7d8d7a7b_e811_4168_a90e_c18ee2d00e83.jpg)
ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভাগীয় কাৰ্যালয়সমূহ পৰিস্কাৰ পৰিছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ এই প্ৰতিযোগিতাত কঠিয়াতলি উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অনুপ কুমাৰ দাসৰ নেতৃত্বত কাৰ্যালয়টোৰ কৰ্মৰত সকলোৱে লোৱা আন্তৰিক প্ৰচেষ্টাৰ বাবে কাৰ্যালয়টোয়ে পৰিস্কাৰ পৰিচন্ন আৰু সু সজ্জিত কাৰ্যালয় হিচাপে শীৰ্ষ স্থান লাভ কৰিছে ৷
বিভাগীয় জ্যেষ্ঠ বিষয়াবৰ্গৰ দ্বাৰা দুটা পৰ্যায়ত পৰিদৰ্শন আৰু পৰ্যবেক্ষণৰ অন্তত নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কঠিয়াতলী উপ সংমণ্ডল কাৰ্যালয় ভৱনটো অসমৰ ভিতৰতে পৰিস্কাৰ পৰিছন্ন আৰু সুসজ্জিত কাৰ্যালয় ভৱন হিচাবে নিৰ্বাচন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য বিষয়া অনুপ কুমাৰ দাসৰ নেতৃত্বত থকা এই কাৰ্য়ালয়টো হৈছে বৰ্তমান ৰাজ্যৰ প্ৰথমটো পৰিস্কাৰ পৰিচন্ন আৰু সু সজ্জিত কাৰ্যালয় ৷
Also Read: বঢ়মপুৰ সমষ্টিত একাধিক উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ