ইটাখোলাত বাল্য বিবাহ, আটক অভিভাৱক

ইটাখোলাত বাল্য বিবাহ, আটক অভিভাৱক
ইটাখোলাত বাল্য বিবাহ, আটক অভিভাৱক

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চৰকাৰে বাল্য বিবাহক লৈ যিমানেই কঠোৰ নীতি-নিয়ম প্ৰয়োগ নকৰক কিয় গ্ৰামাঞ্চলত এতিয়াও একাংশ লোকে অনুষ্ঠিত কৰি আহিছে বাল্য বিবাহ ৷ জামুগুৰিহাটৰ সমীপৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডোঙাত সংঘটিত হৈছে বাল্য বিবাহ ৷

ইটাখোলা অঞ্চলৰ বালিডোঙা মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ বুধবাৰে বিয়াৰ যা-যোগাৰ কৰি থাকোতেই বিদ্যালয়ৰ শিক্ষক আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে গৈ উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷ বালিডোঙা নাৰায়নপুৰ গাৱঁৰ আজিজুল হকে নিজৰ ১৪ বছৰীয়া কন্যাক হাবিদলনিৰ ইক্ৰামুল হক নামৰ যুৱক জনৰ সৈতে বিবাহ দিবলৈ ঠিক কৰে ৷

আজি বিবাহৰ আনুষ্ঠানিকতা ৰূপায়ন কৰি থাকোতেই ইটাখোলা আৰক্ষী বালিডোঙাত উপস্থিতহৈ কিশোৰী কন্যাৰ পিতৃ আজিজুল হকক আটক কৰাৰ লগতে দৰা ইক্ৰামূল হকৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in