বিশিষ্টা কবি, লেখিকা, সমাজসেৱী নিৰু শৰ্মা পৰাজুলীৰ বিয়োগত বহুবাকৰ শোক প্ৰকাশ

বিশিষ্টা কবি, লেখিকা, সমাজসেৱী নিৰু শৰ্মা পৰাজুলীৰ বিয়োগত বহুবাকৰ শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ অসমীয়া, নেপালী উভয় ভাষাৰ বিশিষ্টা কবি, গল্পকাৰ, লেখিকা, অসমৰ প্ৰাক্তন প্ৰধান সম্পাদক, বৰ্তমান উপ-সভাপতি, বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ"বহুবাক"ৰ সাংগঠনিক সম্পাদক, নেপালী সাহিত্য সভা, অসমৰ উপ-সভাপতি, সুদক্ষ সাংস্কৃতিক কৰ্মী, সমাজসেৱী নিৰু শৰ্মা পৰাজুলীৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক-বাৰ্তাত "বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম" চমুকৈ"বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই শোকাৰ্ত ভাষাত কয়- "অজাতশত্ৰু মানৱীয় গুণসম্পন্ন এগৰাকী বিদূষী মহিলা আছিল পৰাজুলী । হাঁহিমুখীয়া, ৰাংঢ়ালী সহজে মানুহক আপোন কৰিব জনা বাইদেউ সাহিত্য, কলা, সংস্কৃতি জগতখনৰ স'তে নিৰলস ধৰণেৰে জড়িত আছিল । আমৃত্যু পৰ্যন্ত একাধিক সংগঠনৰ স'তে নিবিড় সম্পৰ্ক আছিল তেওঁ।"

এইগৰাকী সৰবৰহী লেখিকা সংগঠকৰ বিয়োগত নেপালী সাহিত্য সভা, অসমৰ সভাপতি দুৰ্গা খটিৱড়া, প্ৰাক্তন সভাপতি নৱসাপকোটা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ-আপোচবিহীন লেখক শচীন দাস, বিষ্ণু ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক যুগল নাথ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

বিশিষ্টা কবি, লেখিকা, সমাজসেৱী নিৰু শৰ্মা পৰাজুলীৰ বিয়োগত বহুবাকৰ শোক প্ৰকাশ
প্ৰথিতযশা অৰ্থনীতিবিদ, নিবন্ধকাৰ অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in