প্ৰথিতযশা অৰ্থনীতিবিদ, নিবন্ধকাৰ অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

প্ৰথিতযশা অৰ্থনীতিবিদ, নিবন্ধকাৰ অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ প্ৰাক্তন সঞ্চালক, প্ৰথিতযশা অৰ্থনীতিবিদ, অসমৰ সৰহ সংখ্যক দৈনিক বাতৰি কাকতৰ নিয়মীয়া নিবন্ধকাৰ, সুখ্যাত লেখক অনন্ত কলিতাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে । এক শোক বাৰ্তাত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ"বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- 'সাম্প্ৰতিক সময়ৰ এজন উল্লেখনীয় যুক্তিবাদী লেখক, অসমৰ সৰহ সংখ্যক দৈনিক সংবাদপত্ৰৰ নিয়মীয়া নিবন্ধকাৰ অনন্ত কলিতাৰ আকস্মিক বিয়োগে আমাক অতিকে মৰ্মাহত কৰি তুলিছে। আৰ্থ-সামাজিক বিষয়সমূহক অতি সাৱলীল ধৰণেৰে বিশ্লেষণ কৰি যুক্তিনিষ্ঠভাৱে দাঙি ধৰা এজন শক্তিশালী লেখক আছিল অনন্ত কলিতা । কেইবাখনো উল্লেখনীয় গ্ৰন্থৰ প্ৰণেতা আছিল।'

তেওঁৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলপ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, বিশিষ্ট গীতিকাৰ-লেখক শচীন দাস, চি পি আই (এম)-এলৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক পংকজ কুমাৰ দাস, বিষ্ণু ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক যুগল নাথ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি দল-সংগঠনে শোক প্ৰকাশৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

প্ৰথিতযশা অৰ্থনীতিবিদ, নিবন্ধকাৰ অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ
পত্নীৰ সেন্দুৰ মচি থৈ গীতা নগৰৰ পৰা সঞ্জীৱৰ চিৰ বিদায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in