বাৰ্মিংহামত বাজি উঠিল নিলোৎপল বৰাৰ ‘ক্যা খেলা ৰে…চাব্বাছ’ গীতটি…

বাৰ্মিংহামত বাজি উঠিল নিলোৎপল বৰাৰ ‘ক্যা খেলা ৰে…চাব্বাছ’ গীতটি…

author-image
asomiyapratidin
New Update
বাৰ্মিংহামত বাজি উঠিল নিলোৎপল বৰাৰ  ‘ক্যা খেলা ৰে…চাব্বাছ’  গীতটি…

ডিজিটেস ডেস্ক : বাৰ্মিংহামত বাজি উঠিল সংগীত পৰিচালক, সংগীত শিল্পী নিলোৎপল বৰাৰ পৰিচালিত গীত। 'যাদুগৰ' চিনেমাৰ 'ক্যা খেলা ৰে…চাব্বাছ' গীতটি  ভাৰতীয় দলৰ এনথেম (Anthem) হিচাপে বাজি উঠিল। গীতটিক এইদৰে কমনৱেলথ গেমছত টীম ইণ্ডিয়াৰ এনথেম হিচাপে বাজি উঠাত সুখী নিলোৎপল বৰা।

Advertisment

নিলোৎপল বৰাই ফেচবুকৰ জৰিয়তে অসম তথা দেশবাসীক জনালে এই সুখবাৰ্তা। লগতে লিখিলে "মই আনন্দিতৰ বাহিৰত। এইটো সঁচাকৈয়ে যিকোনো শিল্পীৰ বাবে এটা ডাঙৰ কথা। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ গানটোৱে এই স্থান চুবগৈ। আমাৰ খেলুৱৈসকলে ইতিমধ্যে পৃথিৱীৰ অন্যতম বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত আমাক গৌৰৱান্বিত কৰি তুলিছে আৰু তেওঁলোকৰ যাত্ৰাৰ অংশ হোৱাৰ বাবে মোৰ হৃদয় গৌৰৱেৰে ফুলি উঠিছে। মই এইটো মোৰ সকলো ৰাইজক তেওঁলোকৰ সমৰ্থন আৰু উৎসাহৰ বাবে উৎসৰ্গিত কৰিছো। লগতে ভাৰতীয় দলটোক আন্তৰিক অভিনন্দন জনাইছো।"

আৰু পঢ়ক : ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ….

assam himanta biswa sarma nilotpal bora