কাষ চাপিছে বাৰিষাৰ দিন, গভীৰ সংকটৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

কাষ চাপিছে বাৰিষাৰ দিন, গভীৰ সংকটৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

ডিজিটেল ডেস্ক : বিদ্যুৎ উৎপাদনৰ দিশে আগবাঢ়িছে নামনি শোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প । ৰাজ্যৰ লখিমপুৰলৈ অনা হ'ল ২৫০ মেগাৱাটৰ বৃহৎ ট্ৰেন্সফৰ্মাৰ । মে' মাহৰ আৰম্ভণিৰে পৰাই বান্ধৰ ৰিজাৰ্ভাৰত পানী সংৰক্ষণৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । অৰ্থাৎ আগন্তুক জুনৰ প্ৰথমাৰ্ধৰ পৰা গেৰুকামুখত বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ।

কিন্তু ইয়াৰ সৈতেই আন এক গভীৰ সংকটৰ দিশে আগবাঢ়িছে ৰাজ্যবাসী । বাৰিষা অহাৰ পূৰ্বেই মূল বান্ধত ঘটিছে এক অঘটন ।

অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে বৃদ্ধি হৈছিল সোৱণশিৰিৰ জলস্তৰ । যাৰ ফলতেই গেৰুকামুখৰ প্ৰকল্পৰ ক'ফাৰ বান্ধ ভাঙি হোৰাহোৰে বাগৰিছে পানী । এই পৰ্যন্ত কোনো ক্ষয়-ক্ষতিৰ বাতৰি প্ৰাপ্ত হোৱা নাই যদিও বাৰিষা অহাৰ পূৰ্বেই অৰুণাচল প্ৰদেশৰ পৰা এই হাৰত নামি অহা পানীয়ে যে লগতে অইন বিপদো মাতি আনিছে সেইয়া খাটাং ।

কিয়নো আগন্তুক জুন-জুলাই মাহত বাৰিষাৰ সময়ছোৱাত পানীৰ পৰিমাণ হ'ব ইয়াতকৈ বহু বেছি ।  বৰ্ধিত পানীয়ে যে ভূমিস্খলনো সংঘটিত কৰাব সেই সম্পৰ্কেও নিশ্চিত সকলো । তেনেস্থলত অসমবাসী ৰাইজক বিধিৰ হাতত তুলি দি কেন্দ্ৰক সন্তুষ্ট কৰাৰ কাৰণ কি সেইয়া হে দুৰ্বোধ্য বিষয় ।

কাষ চাপিছে বাৰিষাৰ দিন, গভীৰ সংকটৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
বালিপৰাত ভয়ংকৰ অগ্নিকাণ্ড : বাহনসহ কেইবালাখ টকাৰ সা সম্পত্তি নষ্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in