মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যৰ যোগদান

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নবনিযুক্ত উপাচাৰ্যৰ যোগদান

author-image
Asomiya Pratidin
New Update
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যৰ যোগদান

ডিজিটেল সংবাদ,বিহপুৰীয়া : মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান ড০ অৰূপজ্যোতি চৌধুৰীৰ। বিশ্ববিদ্যালয়খনৰ দ্বিতীয়গৰাকী উপাচাৰ্য হিচাপে যোগদান চৌধুৰীৰ।

Advertisment

বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ নিৰোদ কুমাৰ বৰুৱাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।নিজকে এগৰাকী সাধাৰণ শিক্ষক হিচাপে উল্লেখ কৰি চালুকীয়া বিশ্ববিদ্যালয় খনৰ উপাচাৰ্যৰ দায়িত্বটো অসাধাৰণ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে।

এই বিশ্ববিদ্যালয় খনক জনতাৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ সংকল্প কথা অৱগত কৰে।বিশ্ববিদ্যালয় খনক কেৱল ডিগ্ৰীধাৰী বিশ্ববিদ্যালয়ৰ বিপৰীতে জীৱন আৰু জীৱিকাৰ যিবোৰ সংগ্ৰাম সেই সংগ্ৰামৰ সৈতে ছাত্ৰ-ছাত্ৰী সকলক মুখামুখি হ'বলৈ চেষ্টা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Also Read: ভূটানৰ সৈতে বিতৰ্কিত সীমান্তত চীনৰ গাঁও নিৰ্মাণ...