জামুগুৰিহাটত নতুন ভোটাৰৰ সৈতে মত বিনিময়

বিজেপিৰ নাগশংকৰ মণ্ডলৰ সভাপতি হিতেশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত আনুষ্ঠানটিৰ আঁতধৰে সম্পাদক সত্যন্ন বৰাই৷বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈয়ে ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত নতুন ভোটাৰৰ সৈতে মত বিনিময়

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ শ্ৰীমন্তশঙ্কৰদেৱৰ ভৱনত মঙ্গলাবাৰে নাগশংকৰ মণ্ডল যুৱমৰ্চাৰ উদ্যোগত ভাৰতীয় জনতা যুৱমৰ্চাৰ নম যুৱ সংযোগ ( ৪০০) চাৰশ পে চৰ্চা কাৰ্য্যসুচী সম্পন্ন হয় ৷

Advertisment

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত নাগশংকৰ অঞ্চলৰ নতুন ভোটাৰ সকলক লৈ অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিজেপিৰ শোণিতপুৰ জিলাৰ উপ সভাপতি লক্ষীকান্ত বৰাই চৰকাৰৰ বিভিন্ন আচঁনি সন্দৰ্ভত প্ৰচাৰমূলক বক্তব্য প্ৰদান কৰে৷

বিজেপিৰ নাগশংকৰ মণ্ডলৰ সভাপতি হিতেশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত আনুষ্ঠানটিৰ আঁতধৰে সম্পাদক সত্যন্ন বৰাই৷বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈয়ে ৷

Also Read: মহিলাৰ আই পি এলত স্থান লাভ অসম কন্যাৰ

lokosabha voter jamugurihaat