/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f49d2c08-256b-4fdf-be4f-5bd1c0d24526/4.jpg)
ডিজিটেল ডেস্কঃ মহিলাৰ আই পি এলৰ মঞ্চত দেখা পোৱা যাব আন এগৰাকী অসম সন্তানক। জিন্টিমণি কলিতাৰ পাছতেই আই পি এলত দেখা পোৱা যাব বোকাখাতৰ গৌৰৱ তথা অসম কন্যা উমা ছেত্ৰীক ।
উমা ছেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ। তেওঁ এগৰাকী উইকেট-কিপাৰ বেটছমেন। তেওঁ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল।
অসম কন্যা জিন্টিমণি কলিতাৰ পিছতেই মহিলা আই পি এলত স্থান লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া মহিলা ক্ৰিকেটাৰে হৈছে উমা ছেত্ৰী। প্ৰতিভাৱান ক্ৰিকেটাৰ জিন্টিমণিক মুম্বাই ইণ্ডিয়ানছ দলে ১০ লাখ টকাত ক্ৰয় কৰিছিল।
ইউ পি ৱাৰিয়ৰ্জৰ হৈ খেলিব উইকেট কীপাৰ বেছমেন উমা ছেত্ৰীয়ে ৷ ক্ৰিকেটাৰ গৰাকীক ১০ লাখ টকাত ক্ৰয় কৰে ইউ পি ৱাৰিয়ৰ্জে। আঘাটপ্ৰাপ্ত বিৰিন্দা দিনেশৰ স্থানত দলটোত অন্তৰ্ভুক্তি হয় অসম কন্যা বোকাখাতৰ জীয়ৰী উমা ছেত্ৰীৰ ৷