/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/hojai-voter-list-news-face.jpg)
৩ মাহত ভোটাৰৰ সংখ্যা বৃদ্ধি পালে আঢ়ৈ লাখ...
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে সংশোধিত ভোটাৰ তালিকা। সংশোধিত ভোটাৰ তালিকা অনুসৰি অসমত ৩ মাহত ভোটাৰৰ সংখ্যা বৃদ্ধি পালে প্ৰায় আঢ়ৈ লাখ।
তথ্য অনুসৰি দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে অভিলেখ স্থাপন কৰিছে। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ২৩ হাজাৰ ৩০৭ জন। আনহাতে গুৱাহাটীৰ চাৰিওটা সমষ্টিতে মুঠ ভোটাৰৰ সংখ্যা বৃদ্ধি পালে ১১ লাখ ৭৯ হাজাৰ ৪৬৭ গৰাকীলৈ।
নতুন ভোটাৰ তালিকা অনুসৰি পুৰুষ ভোটাৰৰ সংখ্যা ১,২১,২৮,৫৪৩ গৰাকী। মহিলা ভোটাৰৰ সংখ্যা ১,১৯,৮২,৮০৪ গৰাকী। তালিকাত অন্তৰ্ভুক্ত হৈছে মুঠ ৩৯৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
Also Read: এপ্ৰিলত ১৫ বছৰ পাৰ হোৱা সকলো বাহনে বিদায় ল'ব লাগিব ৰাজপথৰ পৰা...