চিৰাঙ আৰক্ষী অধীক্ষক কাৰ্যালয়ত জনসাধাৰণৰ সাক্ষাতৰ বাবে নতুন সময়সূচী জাৰি

চিৰাঙ আৰক্ষী অধীক্ষক কাৰ্যালয়ত জনসাধাৰণৰ সাক্ষাতৰ বাবে নতুন সময়সূচী জাৰি

ডিজিটেল সংবাদ, চিৰাং: সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে চিৰাং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ত এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । চিৰাং জিলা সদৰ কাজলগাঁও স্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জনসাধাৰণে তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগসমূহ প্ৰত্যেক কৰ্মদিনত পুৱা ১১:৩০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজালৈ নিৰ্ধাৰিত সময়ত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক সকলক সাক্ষাৎ কৰি জনাব পাৰিব।

সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চিৰাং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা জাৰি কৰা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে । কৰ্মদিনৰ প্ৰত্যেক সোমবাৰে দিনৰ ১১:৩০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজালৈ আৰক্ষী অধীক্ষক, মঙ্গলবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ), বুধবাৰ উপ আৰক্ষী অধীক্ষক (সদৰ), বৃহস্পতিবাৰ উপ আৰক্ষী অধীক্ষক ( ডিএছবি), শুকুৰবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) আৰু শনিবাৰ দিনা উপ আৰক্ষী অধীক্ষক (সদৰ) ক উল্লেখিত সময়ত সাক্ষাৎ কৰিব পাৰিব ।

কেতিয়াবা নিযুক্ত আৰক্ষী বিষয়া যদি ক্ষেত্ৰভিত্তিক কৰ্তব্য বা ছুটীৰ বাবে কাৰ্যালয়ত অনুপস্থিত থাকে তেনেহলে পৰৱৰ্তী দিনত আৰক্ষী বিষয়াগৰাকীৰ সৈতে সাক্ষাৎ কৰিব পাৰিব । চিৰাং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা জাৰি কৰা এই আদেশ শনিবাৰৰ পৰা কাৰ্য্যকৰী কৰা হৈছে বুলি সদৰি কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in