গুণোৎসৱঃ ছাত্ৰ-শিক্ষকৰে মত-বিনিময় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ছাত্ৰ-শিক্ষকৰে মত-বিনিময় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
ছাত্ৰ-শিক্ষকৰে মত-বিনিময় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ডিজিটেল সংবাদ,নগাঁও : বৃহস্পতিবাৰে নগাঁৱৰ বেবেজীয়াত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দুপৰীয়া উপস্থিত হৈ গুণোৎসৱৰ পৰিবেশৰ বুজ লোৱাৰ লগতে শ্ৰেণীকোঠালৈ গৈ ছাত্ৰীসকলৰ সৈতে মত- বিনিময় কৰে ।

প্ৰায় দুঘণ্টা সময় শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশ পৰ্যবেক্ষণ কৰি জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে শিক্ষক-কৰ্মচাৰীসকলক সংস্কাৰমুখী পৰিবেশ গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে বিদ্যালয়খনত উপস্থিত হৈ সন্তুষ্টি প্ৰকাশ কৰে ৷

বেবেজীয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ৰহাৰ জোঙাল বলহু গড় ছহীদ স্মৃতি বিদ্যালয়তো উপস্থিত হয় ৷ বিদ্যালয়খনৰ ছাত্ৰ আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়দানৰ সন্দৰ্ভতো মত ব্যক্ত কৰি কয় যে ন্যায়ালয়ৰ ৰায় দিয়াৰ পিছত আমি ৰাজনীতিৰ সৈতে জড়িত থকাসকলে মন্তব্য দিয়া উচিত নহয় কিন্তু যিহেতু এই ৰায়দানক লৈ তেওঁৰ পৰিয়াল আৰু সমাজ সন্তুষ্ট নহয় সেয়ে ভুক্তভোগী পৰিয়ালৰ সৈতে আমি ন্যায়িক ব্যৱস্থাৰ মাজেৰে গৈ ন্যায় লাভৰ বাবে প্ৰয়াস কৰা হ'ব । চৰকাৰৰ ফালৰ পৰা ভূক্তভোগী পৰিয়ালটোক সহায় কৰা হ'ব বুলি উল্লেখ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in