/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cf7e39a3-9ff0-440b-b801-71e816f593e5/picnic.jpg)
ডিজিটেল সংবাদ, ছমৰীয়া : অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত স্থানীয় যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বকোৰ হাহিমত বনভোজকাৰী তথা পৰ্যটকৰ বাবে থলুৱা খাদ্য আৰু অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰি উলিওৱা হ'ল এক স্থান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/879922a4-b464-4912-be41-fd4e62ec8c7a/WhatsApp_Image_2022_12_12_at_8_05_11_AM__1_.jpeg)
বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে হাহিমৰ শিংৰা নৈৰ পাৰত '12 AFE' নামৰ এক স্থান সাজি উলিওৱা হৈছে। হাহিমৰ কেইগৰাকীমান স্থানীয় যুৱকৰ প্ৰচেষ্টাত বনভোজপ্ৰিয় সকলৰ বাবে নৈসৰ্গিক পৰিৱেশৰ মাজত সাজি উলিওৱা হৈছে এই স্থান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2da6b6ce-09d2-400d-bea7-3623ff009afa/WhatsApp_Image_2022_12_12_at_8_05_11_AM.jpeg)
স্থানীয় ৰাইজ তথা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা,সম্পাদক নোমল ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কামৰূপ জিলা পৰিষদৰ উপ সভাপতি কম্বুৰাম ৰাভাই মুকলি কৰে এই অৱসৰ বিনোদনৰ স্থান।
উল্লেখযোগ্য যে,এই স্থানৰ নিলগতে আছে চিৰ সেউজ লাম্পিকে ধৰি পৰ্যটকৰ আকৰ্ষণীয় স্থান সূৰ্যোদয় উপভোগ কৰিব পৰা বকোৰ 'পাৰ্বতী পাহাৰ'।