কাছাৰত "নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী"ৰ জৰীপত হতাশাজনক ছবি

কাছাৰত "নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী"ৰ জৰীপত হতাশাজনক ছবি

ডিজিটেল সংবাদ, শিলচৰঃ দেশৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলালেও নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰীপত কাছাৰত উন্মোচিত হৈছে এখন হতাশাজনক ছবি । নিৰক্ষৰ লোকৰ জৰীপ কৰিবলৈ যোৱা চৰকাৰী কৰ্মচাৰীক কোনো তথ্য দিবলৈ আগ্ৰহী নহয় নিৰক্ষৰ লোক সকলে। আনকি তথ্য সংগ্ৰহ কৰিবলৈ যোৱা জৰীপকাৰীক বিভিন্ন ভাৱে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰিছে কাছাৰ শিক্ষা বিভাগে। অৱশেষত এই নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী সফল কৰিবলৈ সংবাদ মাধ্যমৰ সহায় বিচাৰিছে শিক্ষা বিভাগে।

শিলচৰত আয়োজিত এক সংবাদ মেলত জিলাখনৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰিবলৈ গ্ৰহণ কৰা নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী জৰীপত লাভ কৰা হতাশাজনক ছবি খনৰ তথ্য তুলি ধৰে শিক্ষা বিভাগে।

বিদ্যালয়‌ সমুহৰ পৰিদৰ্শকৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত বন্নিক্ষা চেতিয়া আৰু "নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী"ৰ নডেল বিষয়া আব্দুল কালাম চদিয়ালে দাঙি ধৰা তথা মতে, ২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি কাছাৰত নিৰক্ষৰ লোকৰ সংখ্যা প্ৰায় ২ লাখ ৫০ হাজাৰ।

ইয়াৰ ভিতৰত কাছাৰ জিলাত প্ৰথম পৰ্যায়ত ২৭,১২৬ জন নিৰক্ষৰ ব্যক্তিক স্বাক্ষৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২৭,১২৬ জন নিৰক্ষৰ লোকক চিনাক্ত কৰিবলৈ গাঁৱে গাঁৱে জৰীপ চলাই এমাহত মাত্ৰ ১৩,৮৬৭ জন লোকহে চিনাক্ত কৰিবৰ সক্ষম হৈছে শিক্ষা বিভাগ।‌ এই হতাশাজনক ছবিখনৰ কাৰণ ব্যাখ্যা কৰি বিষয়া দ্বয়ে কয় যে গৰিষ্ঠসংখ্যক নিৰক্ষৰ লোকেই জৰীপকাৰীৰ সন্মুখত নিজকে উপস্থাপন কৰিবলৈ অনিহা প্ৰকাশ কৰে।

কাছাৰত "নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী"ৰ জৰীপত হতাশাজনক ছবি
গোৱাত ‘ভাৰত শক্তি সপ্তাহ-২০২৪’ আৰম্ভঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে উদ্বোধন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in