/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5e840873-f209-489a-b932-1aa915cfc7e9/fesa_gtrs.jpg)
new delhi
ডিজিটেল সংবাদ, নতুন দিল্লী : আজি অসম দিৱস উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উদ্যোগত তেখেতৰ নতুন দিল্লীস্থিত ২৩ সফদজংগ ৰোডৰ চৰকাৰী বাসভৱনত এক গাম্ভীর্যপূর্ণ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপিকা শান্তিশ্রী ধূলিপুড়ি পণ্ডিত, বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনয় কুমাৰ ৰাও প্রথিতযশা ইতিহাসবিদ হিন্দোল সেনগুপ্ত, দিল্লী বিশ্ববিদ্যালয়ৰ আগশাৰীৰ অধ্যাপকসকল, অসম এছচিয়েচনৰ নয়দা, গুৰগাঁও, দিল্লীৰ প্ৰতিনিধিসকল প্ৰমুখ্যে বুদ্ধিজীৱী, গুণী-জ্ঞানী ব্যক্তিসকলে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে।
মহান আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, "চাওলুং ছ্যু-কা-ফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলিছিল। পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে 'অসম দিৱস' উদযাপন কৰি অহা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ffb48f4c-e66c-4005-b533-69d286e6b507/9988.jpg)
বৰ অসমৰ ভেটি গঢ়ি মহান স্বৰ্গদেউ চাওলুং চ্যুকাফাই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সৰল ৰূপ প্ৰদানেৰে মহৎ কার্য সিদ্ধি কৰিছিল। ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউজনাই সাতৰাজ সামৰি একৰাজ কৰি শান্তি-সম্প্ৰীতিপূৰ্ণ আৰু ঐক্যবদ্ধ সমাজ গঢ়াৰ নিদৰ্শন দেখুৱাই থৈ গৈছে। স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফা প্রকৃতার্থতে সমন্বয়, সুশাসন, সাহস আৰু সৌম্যতাৰ প্ৰতীক। আজি এই পৱিত্ৰ ক্ষণত স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ শ্ৰীচৰণত শতকৌটি প্রণিপাত জনালোঁ।"
ইয়াৰ উপৰিও তেওঁ কয়, "প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' নীতিৰে যিদৰে সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন কৰি আৰু সকলোকে লগত লৈ আগবাঢ়িছে, সেই মহৎ যাত্ৰাত স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব, কিয়নো স্বৰ্গদেউজনায়ো সকলো জাতি-জনগোষ্ঠী, সৰ্বস্তৰৰ লোকক লগত লৈ বৰ অসমৰ ভেটি সুদৃঢ় কৰিছিল। বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ চিৰজাগ্ৰত সত্তা স্বৰ্গদেউজনাৰ অতুলনীয় আদর্শ, বীৰত্ব আৰু কৰ্মৰাজিয়ে আমাক প্ৰতিটো ক্ষণতে শক্তি, সাহস আৰু মনোবল যোগাই থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4e0779ee-9073-4780-a8d4-234d3bd65d81/5656.jpg)
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য শান্তিশ্রী ধূলিপুড়ি পণ্ডিতে আজি ভাৰতৰ গৌৰৱোজ্জ্বল ৰাজবংশসমূহৰ সন্দৰ্ভত আলোকপাত কৰে যিয়ে মাতৃভূমিৰ সুৰক্ষা আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ আহোম, চোল, মৌৰ্য আৰু অন্যান্য ৰাজবংশৰ ৰাজত্বৰ বিষয়ে উল্লেখ কৰি কয় যে, ভাৰতৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসক আলোকপাত কৰাত অৰিহণা যোগাব।
অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনয় কুমাৰ ৰাও আদিয়ে স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু আহোম ৰাজত্বৰ শৌর্য-বীর্য, পৰাক্ৰম আৰু গুণ-গৰিমাৰ সন্দৰ্ভত আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2f397ea9-92c3-4fab-9e77-b5c0910e2dde/4343.jpg)
আৰু পঢ়ক :অসমৰ শুই থকা জনতা সাৰ পালে হিমন্ত বিশ্ব শৰ্মাৰ দশা ৰাৱণৰ দৰে হ'ব : ভূপেন বৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us