অসমৰ শুই থকা জনতা সাৰ পালে হিমন্ত বিশ্ব শৰ্মাৰ দশা ৰাৱণৰ দৰে হ'ব : ভূপেন বৰা

তিতাবৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা
titabor
titabor

ডিজিটেল সংবাদ, তিতাবৰ : শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই বৃহস্পতিবাৰে প্ৰৱেশ কৰে তিতাবৰ চহৰত। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই তিতাবৰ বিধানসভা সমষ্টিত এই যাত্ৰাৰ নেতৃত্ব বহন কৰি তিতাবৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ অক্ষত দূৰ্গ সেইকথা পুনৰবাৰ প্ৰতীয়মান কৰিলে।

তিতাবৰ ডফলাটিঙ চাহ বাগিছাৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ পূৰ্বে আয়োজন কৰা বিশাল জনসভাক উদ্দেশ্যি প্ৰদেশ কংগ্ৰেৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰে।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই আলফাৰ দাবীক মানি লোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱাই কৰা প্ৰতিটো সমালোচনাৰ উত্তৰ তিতাবৰৰ জনসভাৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দি পুনৰ বিজেপিলৈ পাশুপাত অস্ত্ৰ মাৰে।

অসমৰ জনতাক শুই থকা সিংহ বুলি মন্তব্য কৰি সভাপতি গৰকীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে অসমৰ শুই থকা জনতা সাৰ পালে হিমন্ত বিশ্ব শৰ্মাৰ দশা এদিন মহাভাৰতৰ দুৰ্যোধন আৰু ৰামায়ণৰ ৰাৱণৰ দৰে হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in