বেবেজীয়াত হিৰোৰ নতুন দুচকীয়া বাহন মুকলি

বেবেজীয়াত হিৰোৰ নতুন দুচকীয়া বাহন মুকলি

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ বেবেজীয়াৰ "গণপতি হিৰো"ত মঙলবাৰে এখন নতুন স্কুটী বিক্ৰীৰ বাবে মুকলি কৰা হয় । 'জুম' নামৰ অত্যাধুনিক সা-সুবিধাযুক্ত এই নতুন দুচকীয়া বাহনখন মুকলি কৰে ক্ৰমে আন্তঃৰাষ্ট্ৰীয় বাইক ৰাইডাৰ হংসৰাজ শইকীয়া,এৰোন'টিকেল ইঞ্জিনিয়াৰ জ্যোতি প্ৰকাশ শৰ্মা,কণ্ঠশিল্পী ৰিমঝিম ৰীমা আৰু জনপ্ৰিয় তবলা বাদক হোমেন শইকীয়াই ।

৫ টাকৈ বিভিন্ন আকৰ্ষণীয় ৰং আৰু ৪ টাকৈ ভেৰিয়েণ্টত উপলব্ধ এই নতুন গিয়েৰবিহীন স্কুটাৰখনে গ্ৰাহকৰ সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । মঙলবাৰৰ এই উন্মোচনী অনুষ্ঠানত গণপতি হিৰোৰ স্বত্বাধিকাৰী অনিল শৰ্মা আৰু পংকজ শৰ্মাও উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in