৩০ জানুৱাৰীত আহি আছে 'অবাক'...

৩০ জানুৱাৰীত আহি আছে 'অবাক'...
৩০ জানুৱাৰীত আহি আছে 'অবাক'...

ডিজিটেল ডেস্কঃ প্ৰকাশ হ'ব এখন নতুন আলোচনীৰ। ৰাজনৈতিক, সামাজিক আৰু সাময়িক ঘটনা প্ৰবাহক সঠিক ভাৱে তুলি ধৰাৰ লক্ষ্যৰে প্ৰকাশ পাবলগীয়া এই আলোচনীখনৰ নাম 'অবাত'।

ৰাজগড়ৰ 'অবাক' প্ৰকাশনৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিক হ'বলগীয়া এই মাহেকীয়া আলোচনাখনৰ প্ৰস্তাৱনা সংখ্যা অহা ৩০ জানুৱাৰী ২০২৩ ত উন্মোচন হ'ব। ডাঃ শুভ্ৰকিংকৰ গোস্বামী এই আলোচনীখনৰ মুখ্য সম্পাদক।

আলোচনীখনৰ সম্পাদকৰ দায়িত্বত আছে ভাস্কৰ বৰ্মন আৰু কাৰ্যবাহী সম্পাদক হিচাপে সম্পাদনা কৰিব প্ৰাঞ্জল মজুমদাৰে। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো জড়িত আছে এই আলোচনীখনৰ সৈতে।

'অবাক'ৰ সহযোগী সম্পাদক প্ৰস্তুতি পৰাশৰ। কটনৰ এলামনাই ভৱনত ৩০ জানুৱাৰী সোমবাৰে দিনৰ ১১ বজাত প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা, গৌতম শৰ্মা, মাইনী মহন্ত আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে।

যি সময়ত ছপা মাধ্যমলৈ সংকট আৰু প্ৰত্যাহ্বান নামি আহিছে তেনে সময়তে 'অবাক' প্ৰকাশনৰএয়া এক সাহসী পদক্ষেপ। নতুন আলোচনীখনত থাকিব যথেষ্ট নতুনত্ব। প্ৰকাশকে আশা কৰিছে অসমৰ পাঠক সমাজে আদৰি লব 'অবাক'।

৩০ জানুৱাৰীত আহি আছে 'অবাক'...
১০৭ বছৰীয়া কলিজা আইতাৰ খবৰ ল'লেহি ৮৭ বছৰীয়া কনিষ্ঠ পুত্ৰই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in