/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c5425b26-d7e2-442b-99b3-7764a1164a93/aaita_28.jpg)
১০৭ বছৰীয়া কলিজা আইতাৰ খবৰ ল'লেহি ৮৭ বছৰীয়া কনিষ্ঠ পুত্ৰই...
ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আই চি ইউত চিকিৎসাধীন হৈ থকা ১০৭ বছৰীয়া আইতাৰ খবৰ ল'লেগৈ সৰু পুত্ৰ কামাখ্যা চক্ৰৱৰ্তীয়ে। ৮৭ বছৰীয়া চক্ৰৱৰ্তীয়ে ভেণ্টিলেটৰত থকা মাকক কেইবাবাৰো মাতিলে যদিও অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আইতাই কোনো সহাৰি নজানালে।
কলিজা আইতা নামে পৰিচিত সুভদ্ৰা দেৱীয়ে ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত স্বইচ্ছাই মাডাৰ্ছ অ'ল্ড এজ হোমলৈ গুছি আহিছিল। সৰু পুত্ৰই মাকৰ খবৰ প্ৰায়ে লৈ থাকে আৰু এমাহৰ পূৰ্বে বেংগালুৰুৰত চিকিৎসাৰ বাবে যোৱাৰ আগত অ'ল্ড এজ হোমলৈ আহি মাকৰ আশীৰ্বাদ লৈ গৈছিল।
উল্লেখযোগ্য যে, সকলোৰে মাজত সুপৰচিত আৰু সাদৰী আইতাগৰাকীৰ ঘৰ ডিব্ৰুগড়ত আছিল। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ নিবাসী হৈছিল। যোৱা ১৯ জানুৱাৰীত গুৰুতৰ ভাৱে অসুস্থ হোৱাৰ বাবে বৰ্তমান প্ৰমোদ তালুকদাৰৰ অ'ল্ড এজ হোমত থকা আইতাগৰাকীক উৎপল হৰ্ষবৰ্ধনে চিকিৎসালয়ত ভৰ্তি কৰিছিল।
দিনে-ৰাতিয়ে আইতাগৰাকীক সুস্থ কৰি তুলিবলৈ চিকিৎসকে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে উৎপল হৰ্ষবৰ্ধনেও আইতাগৰাকীক সকলো যতন লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5a10e30a-612f-4723-a1ec-f36701fd4031/b441567f_828a_4963_a3ca_20ab78e7495f.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/14e0aac7-fd8d-4d15-ae1c-b7b6248304a9/ce905ae0_d2dd_478c_a532_23a1e4542186.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/26bdecfb-0197-4d27-ba4f-76f1cb340ffb/152ff6b3_93b2_4443_970f_f359651230fd.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c8bb89c6-05d6-4c22-88e9-6c4481447252/3d6ccbca_e5fa_4b77_8890_b6f216e6ec03.jpg)