এক নতুন দিশে আজিৰ ভাৰত, শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা কৃত্ৰিম উপগ্ৰহ লৈ মহাকাশৰ দিশে ৰকেট

এক নতুন দিশে আজিৰ ভাৰত, শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা কৃত্ৰিম উপগ্ৰহ লৈ মহাকাশৰ দিশে ৰকেট

ডিজিটেল ডেস্ক : ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি তথা এৰ'স্পেছ বিজ্ঞানী প্ৰয়াত এ পি জে আব্দুল কালামৰ আটাইতকৈ প্ৰিয় কাৰ্য্য আছিল শিক্ষকতা । আনকি মৃত্যুৰ পূৰ্বেও এক শিক্ষানুষ্ঠানত ভাষণ দি আছিল প্ৰয়াত বিজ্ঞানী গৰাকীয়ে । ভাৰতক মহাকাশ বিজ্ঞান তথা প্ৰযুক্তিৰ দিশত শক্তিশালী কৰি তোলা ব্যক্তি সকলৰ অন্যতম আছিল এ পি জে আব্দুল কালাম । এই গৰাকী মহান ব্যক্তিয়ে দেখিছিল বহু সপোন । ভাৰতৰ শিক্ষাৰ্থী সকলৰ তথা শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰিবলৈ এক প্ৰকাৰৰ সংকল্প লৈছিল আব্দুল কালামে । সকলোৰে নমস্য ব্যক্তিগৰাকীয়ে শিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰিছিল কেৱল সপোন দেখিবলৈ, কল্পনাৰ আকাশত বিচৰণ কৰিবলৈ । এয়াই আছিল আব্দুল কালামৰ ব্যক্তিসত্ত্বাৰ পৰিসৰ ।

আজি কায়িক ৰূপত ভাৰতবাসীৰ মাজত তেখেত অনুপস্থিত যদিও তেখেতৰ উপস্থিতি এই কায়িক চেতনাৰ উৰ্ধত । ভাৰতে শেহতীয়াকৈ এ পি জে আব্দুল কালাম কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপন বাহন অভিযান, ২০২৩ ৰ অধীনত প্ৰক্ষেপন কৰিলে এক ৰকেট । এই ৰকেটত আছিল দেশৰ বিভিন্ন প্ৰান্তৰ ৫০০০ হেজাৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ১৫০ টা কৃত্ৰিম উপগ্ৰহ ।

তামিলনাডুৰ চেঙালপট্টু জিলাৰ পৰা প্ৰক্ষেপন কৰা এই ৰকেটটো প্ৰক্ষেপন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল আব্দুল কালাম আন্ত:ৰাষ্ট্ৰীয় ফাউণ্ডেশ্ব্যনে । ইয়াৰ সৈতে জড়িত আছিল কল্পকম এট'মিক ৰিচাৰ্ছ চেন্টাৰ আৰু মাৰ্টিন ফাউণ্ডেশ্ব্যন তথা স্পেছ জ'ন অৱ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ।

উল্লেখ্য যে, এইটো আছিল ভাৰতৰ প্ৰথম হাইব্ৰিড ৰ'কেট । অৰ্থাৎ এই ৰ'কেটৰ বাবে ব্যৱহাৰ কৰা ইন্ধনৰ এক অংশ কঠিন অৱস্থাত আৰু আন অংশ জুলীয়া অথবা গেছীয় অৱস্থাত থাকে । আনহাতে, শিক্ষাৰ্থী সকলে তৈয়াৰ কৰি উলিওৱা কৃত্ৰিম উপগ্ৰহসমূহক কোৱা হয় পিক' উপগ্ৰহ অৰ্থাৎ যি উপগ্ৰহৰ ওজন ১ কিলোগ্ৰাম অথবা তাতোলৈ কম । ইয়াৰ ওপৰিও এই ৫ হেজাৰ শিক্ষাৰ্থীৰ ২ হেজাৰৰো অধিক আছিল চৰকাৰী বিদ্যালয়ৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in