মুখ্যমন্ত্ৰীৰ ঘোষণা ওৰাঙত হ'ব উচ্ছেদঃ প্ৰতিক্ৰিয়া নেমছুৰ

শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত উচ্ছেদ চলোৱাটো শিক্ষাৰ্থীসকলক অন্ধকাৰৰ দিশে ঠেলি দিয়া বুজায়

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ঘোষণা ওৰাঙত হ'ব উচ্ছেদঃ প্ৰতিক্ৰিয়া নেমছুৰ

ডিজিটেল সংবাদ,ওৰাংঃ বৰছলা, বুঢ়াচাপৰিৰ উচ্ছেদৰ পাছতেই ওৰাঙত উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে NEMSU ৰ সভাপতি বদৰুল ইছলামে। ‘আমি উচ্ছেদৰ বিৰোধী নহয়। যি সকলক উচ্ছেদ কৰা হৈছে তেওঁলোক ভাৰতীয় লোক। তেওঁলোকক পুনৰ সংস্থাপন দি হে উচ্ছেদ কৰিব লাগে' বুলি সভাপতি ইছলামে মন্তব্য কৰে।

Advertisment

ইয়াৰোপৰি সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত উচ্ছেদ চলোৱাটো শিক্ষাৰ্থীসকলক অন্ধকাৰৰ দিশে ঠেলি দিয়া বুজায়। গতিকে এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে আৰু ভাৰতীয় লোক সকলক পুনৰ সংস্থাপন দি হে উচ্ছেদ চলোৱা উচিত বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে NEMSU ৰ সভাপতি বদৰুল ইছলামে।

আৰু পঢ়কঃ বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

eviction himanta biswa sama