নেহৰু যুৱ কেন্দ্ৰৰ 'প্ৰতিৱেশী যুৱ সংসদ' কাৰ্যসূচী

নেহৰু যুৱ কেন্দ্ৰৰ 'প্ৰতিৱেশী যুৱ সংসদ' কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
নেহৰু যুৱ কেন্দ্ৰৰ 'প্ৰতিৱেশী যুৱ সংসদ' কাৰ্যসূচী

ডিজিটেল সংবাদ, চিৰাংঃ ১৯ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ পানীয়াগাওঁ নৱযুৱ ক্লাবৰ সহযোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, চিৰাঙৰ উদ্যোগত পূৱ পানীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদতত ১৭ মাৰ্চ তাৰিখে 'জিলা পৰ্যায়ৰ প্ৰতিৱেশী যুৱ সংসদ' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীৰ আঁতধৰে চিৰাং নেহৰু যুৱ কেন্দ্ৰৰ অন্তৰ্গত পূৱ পানীয়া গাঁও নৱযুৱ ক্লাবৰ সভাপতি আবুবাক্কাৰ ছিদ্দিকে।

Advertisment

সভাৰ প্ৰথমে উপস্থিত সমল ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পূৱ পানীয়া গাঁও নৱযুব ক্লাবৰ সাধাৰণ সম্পাদক উচমান গণিয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম খাদ্য বিভাগৰ ডিলাৰ আকবৰ আলীয়ে নৱপ্ৰজন্ম তথা ৰাইজে কৃষিৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত ভাষণ প্ৰদান কৰে।

ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পূৱ পানীয়া গাঁও প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক ৰহিম বাদশ্বা,ক্লাবৰ উপদেষ্টা ৰফিকুল ইছলাম, পানীয়াগাঁওৰ সমাজ সেৱক আমিৰ হামজা। আনহাতে উক্ত সভাৰ উপৰিও কাৰ্যসূচী অনুসৰি জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা যুৱসকলৰ মাজত বিভিন্নধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয়। পুৰস্কাৰ প্ৰাপ্ত যুৱসকলক বঁটাৰে পুৰস্কৃত কৰা হয়। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ লগতে উপস্থিত সমূহ ৰাইজলৈ নেহৰু যুব কেন্দ্ৰ চিৰাংৰ লগতে পূৱ পানীয়া গাঁও নৱযুব ক্লাবৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰে।

Also Read: দৰঙৰ জিলা আয়ুক্তৰ সংবাদমেল

chirang Nehru Yuva Kendra