ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী কলেজত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সংসদ অনুষ্ঠান

ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী কলেজত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সংসদ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী কলেজত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সংসদ অনুষ্ঠান

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত যুৱ সংসদ কার্য্যসূচী ৰূপায়ণ কৰা হয়। ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু খেল মন্ত্ৰালয়ৰ অধীনষ্ঠ সংস্থা নেহৰু যুৱ কেন্দ্র, কামৰূপৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংস্থা সমৃদ্ধিৰ সহযোগত মঙলবাৰে জিলা ভিত্তিক 'যুৱ সংসদ' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।

Advertisment

কামৰূপ জিলা নেহৰু যুব কেন্দ্ৰৰ গাণনিক বিষয়া গোপীনাথ দাসৰ তত্ত্বাবধানত অনুষ্ঠিত উক্ত অনুষ্ঠানত সমলব্যক্তি ৰূপে উপস্থিত থাকে ৰঙিয়া মহকুমা নির্বাচনী বিষয়া নীল হৰিৎ কৌশিক, উত্তৰ কামৰূপ আদর্শ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ভূৱনেশ্বৰ লহকৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্রশিক্ষক হিতেন্দ্র নাথ শর্মা, মিনিষ্ট্ৰী অব ডিফেন্সৰ ডেপুটি জেনেৰেল মেনেজাৰ প্ৰাণজিৎ ভাগৱতী। ভাষণ প্ৰসঙ্গত সমল ব্যক্তিসকলে সাম্প্ৰতিক সময়ত যুবক-যুবতীসকলে কিদৰে সমাজ তথা দেশক নেতৃত্ব দিব পাৰে এই সম্পর্কে বিষদভাৱে ব্যাখ্যা দাঙি ধৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অধ্যক্ষা কণিকা গোস্বামী, সহকাৰী অধ্যাপিকা ড০ মীনা কলিতাৰ লগতে ড০ হবিবুল হক উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগতে ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় যুৱক-যুৱতীয়ে অংশগ্রহণ কৰে।

Also Read: মায়ঙৰ আশীঘৰত অগ্নিকাণ্ড

rangia Nehru Yuva Kendra