/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/724dbd95-4bfd-473f-8b08-04d4aa73b0ed/Letter.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : আন্তৰ্জাতিক মাতৃ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা 'এন.ই.এ.আই.ডি.'(NEAID)ৰ উদ্যোগত 'জে.কে. পেপাৰ লিমিটেড'ৰ সহযোগত নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাৰ ডেৰ শতাধিক প্ৰাথমিক আৰু মাধ্যমিক চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত সোমবাৰে 'মোৰ শক্তিশালী মাতৃলৈ চিঠি' (LETTER TO MY SUPER MOM) শীৰ্ষক এক বিশাল কাৰ্যসূচী আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/84235b02-2f7c-4480-a408-d44907eec4f0/WhatsApp_Image_2023_05_15_at_9_10_50_PM.jpeg)
অশেষ ত্যাগ স্বীকাৰ কৰা মাতৃসকলৰ প্ৰতি চিঠিৰ যোগেদি সন্তানৰ কৃতজ্ঞতা জ্ঞাপন কৰা মহান তথা ব্যতিক্ৰমী উদ্দেশ্যেৰে অনুষ্ঠত এন.ই.এ.আই.ডি.ৰ এই কাৰ্যসূচী সপ্তাহজুৰি চলি থাকিব বুলি জানিব পৰা গৈছে। লগতে 'মোৰ শক্তিশালী মাতৃলৈ চিঠি' শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযানৰ অধীনৰ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ তেৰ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হব বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/da87cc2b-571d-4f21-a437-52e193f98e8e/WhatsApp_Image_2023_05_15_at_9_10_49_PM.jpeg)
Also Read: ৬৭ টা বছৰ সম্পূৰ্ণ কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে...