ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাঃ আজিৰ তাৰিখত নিৰ্বাচন হ'লে ১২ খন আসনেই পাব বিজেপিয়ে...

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাঃ আজিৰ তাৰিখত নিৰ্বাচন হ'লে ১২ খন আসনেই পাব বিজেপিয়ে...
ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাঃ আজিৰ তাৰিখত নিৰ্বাচন হ'লে ১২ খন আসনেই পাব বিজেপিয়ে...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো বিৰোধী একত্ৰিত হোৱাৰ দৰে অসমতো এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী একত্ৰিত হৈছে। ইতিমধ্যে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিৰোধী দলসমূহে একেলগে সংবাদ মেলো সম্বোধন কৰিছে।

প্ৰতিটো বিৰোধী দলেই বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এইদৰে একত্ৰিত হৈছে যদিও পৃথকে পৃথকে অৱশ্যে সকলোৱেই নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আহিছে। এই পৰ্যন্ত এই মিত্ৰজোঁটে একেলগে ক'তো প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই।

আনহাতে মুখ্য বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আৰু আম আদমী পাৰ্টিৰ বাহিৰে এই মিত্ৰজোঁটৰ অংশীদাৰী দলসমূহৰ বৰ বিশেষ গণভিত্তি নাই। এই দল কেইটাই তৃণমূল পৰ্যায়ত এতিয়াও কাম কৰিবলৈ আৰম্ভ কৰা নাই।

অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু আম আদমী পাৰ্টীয়ে তৃণমূল পৰ্যায়ত কিছু কাম কৰিবলৈ চেষ্টা কৰিছে যদিও শক্তিশালী বিজেপিৰ তুলনাত এই দল কেইটাৰ সেই প্ৰচেষ্টাই ব্যাপক প্ৰভাৱ পেলাব পৰা নাই।

সেয়েহে হয়তো আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে অসমৰ প্ৰায় কেইটা লোকসভা সমষ্টিতে বিজেপিয়ে জয় লাভ কৰিব পাৰিব বুলি ইণ্ডিয়া টিভিৰ এক সমীক্ষাত প্ৰকাশ পাইছে।

ইণ্ডিয়া টিভি-চি এন এক্স অপিনিয়ন পোলত প্ৰকাশ পোৱা তথ্য অনুসৰি আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে বিজপিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ৪২ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে।

সমীক্ষা অনুসৰি বিজেপিয়ে অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১২ খন দখল কৰাৰ লগতে কংগ্ৰেছে মাত্ৰ ২৯ শতাংশ ভোট লাভেৰে এখন লোকসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য, ইয়াৰ পূৰ্বে একেটা প্ৰতিষ্ঠানে জুলাই মাহত কৰা আন এক সমীক্ষাত প্ৰকাশ পাইছিল সেই সময়ত যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে এন ডি এৰ বিজয় নিশ্চিত হোৱাৰ সম্ভাৱনা। সমীক্ষা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আদি ৰাজ্যসমূহত বিজেপিয়ে ৮ খন আসন লাভ কৰাৰ সম্ভাৱনা আছিল। ইয়াৰ বিপৰীতে অসমত কংগ্ৰেছে ৩ খন আসন লাভ কৰা সম্ভাৱনা আছিল।

কিন্তু দুটা মাহৰ পাছতে প্ৰকাশ পোৱা এই সমীক্ষাই বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস হোৱাটোহে দেখুৱাইছে। জুলাইত প্ৰকাশিত সমীক্ষাই কংগ্ৰেছক ৩ খন আসন দিয়াৰ বিপৰীতে অক্টোবৰত প্ৰকাশিত সমীক্ষাই মাত্ৰ এখন আসনহে দিছে। অৱশ্যে এই সমীক্ষা কিমানদূৰ সত্য অথবা কিমান সত্যৰ আধাৰত প্ৰতিষ্ঠিত সেয়া ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৱেহে জানিব।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাঃ আজিৰ তাৰিখত নিৰ্বাচন হ'লে ১২ খন আসনেই পাব বিজেপিয়ে...
মিজোৰামত বলিছে নিৰ্বাচনী বতাহঃ এম এন এফে ঘোষণা কৰিলে পাৰ্থী তালিকা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in