পাশৱিক! ডেকা সত্ৰাধিকাৰৰ কুঠাৰঘাতত প্ৰাণ গ'ল ভকতৰ

শিৱসাগৰ জিলাৰ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত চকীমুখত সংঘটিত এক নৰকীয় ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে।
ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্ত
ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্ত

ডিজিটেল সংবাদ, নাজিৰা: শিৱসাগৰ জিলাৰ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত চকীমুখত সংঘটিত এক নৰকীয় ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে। চকীমুখস্থিত দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই সত্ৰৰে জয়নাথ বৰা ( ৭০) নামৰ এগৰাকী জ্য়েষ্ঠ ভকতক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে।

সততে ধৰ্মীয় নীতি আদৰ্শ , আধ্যাত্মিকতাবাদৰ প্ৰচাৰ-প্ৰসাৰত জড়িত এখন সত্ৰৰ স্বয়ং ডেকা সত্ৰাধিকাৰজনেই নৰহত্যাত লিপ্ত হোৱা ঘটনাত সৰ্বসাধাৰণ ৰাইজ সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই।

উল্লেখযোগ্য যে হত্যাৰ বলি হোৱা বাকচুৰ সাউদকুছি সত্ৰৰ নিবাসী জয়নাথ বৰা বহু বছৰ ধৰি এজন ভকত হিচাপে দুৱামৰা সত্ৰত চাকি - বন্তি জ্বলোৱাকে ধৰি অন্যান্য কাম-কাজত নিয়োজিত আছিল। সেই সূত্ৰে তেওঁ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ বাসগৃহতে বসবাসো কৰিছিল।আনকি ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ সৈতে একেলগে বিভিন্ন মাংগলিক স্থলীলৈও যোৱাৰ লগতে নামঘৰৰ বিভিন্ন কাম-কাজতো প্ৰাঞ্জল মহন্তক সহায় কৰি আহিছিল ।

কিন্তু মঙলবাৰে নিশা ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই ভকত জয়নাথ বৰাক এখন কুঠাৰেৰে মূৰ আৰু পিঠিত উপৰ্যুপৰি ঘপিয়াই যাৰ ফলত গুৰুতৰভাৱে আহত জয়নাথ বৰা থিততে ঢলি পৰে। ইতিমধ্যে স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ঘটনাৰ সম্পৰ্কে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত জয়নাথ বৰাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আদবাটতে মৃত্যু ঘটে। ইফালে জয়নাথ বৰাক কুঠাৰেৰে মৰিয়াই হত্যা কৰাৰ পিছত পত্নী সহ ডেকা সত্ৰাধিকাৰজনে নিশা সত্ৰৰ পৰা আঁতৰি যায়।

কিন্তু বুধবাৰে নাটকীয়ভাৱে পূৰ্বৰ দৰেই প্ৰাঞ্জল মহন্তই নামঘৰত নাম লোৱাত ব্যস্ত থাকে। আজি পুৱা আৰক্ষীয়ে ডেকা সত্ৰাধিকাৰজনক আটক কৰিবলৈ যোৱা অৱস্থাত পুৱা গা-ধুই নামঘৰত নাম লোৱাতেই ব্যস্ত থাকে হত্যাকাৰী প্ৰাঞ্জল মহন্ত। অৱশ্যে আৰক্ষীয়ে তেওঁক পৰৱৰ্তী সময়ত আটক কৰে ।

ইফালে কি পৰিস্থিতিত প্ৰাঞ্জল ডেকা সত্ৰাধিকাৰ মহন্তই বয়ো বৃদ্ধ ভকত জয়নাথ বৰাক হত্যা কৰিলে বৰ্তমানলৈকে মুখ খোলা নাই। বৰং হত্যাকাণ্ডৰ সম্পৰ্কে আৰক্ষীয়ে জেৰা কৰা সময়তো হৰিনাম গাই আৰক্ষীক বিভ্ৰান্ত কৰাৰহে চেষ্টা চলাইছে। তৎসত্বেও নাজিৰা আৰক্ষীয়ে সমগ্ৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত চলাই আছে ।

ইফালে অবিবাহিত ভকত জয়নাথ বৰাৰ এনে লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হোৱা ঘটনাক লৈ তেওঁৰ আত্মীয়সকলে শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ সহযোগত আৰক্ষীয়ে ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰু পঢ়ক: সাংবাদিক কন্দৰ্প কুমাৰ দেবনাথক 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in