সাংবাদিক কন্দৰ্প কুমাৰ দেবনাথক 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২'

অসম বার্তাজীৱী সংঘ, গোৱালপাৰা জিলা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা' বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
সাংবাদিক কন্দৰ্প কুমাৰ দেবনাথক 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২'

ডিজিটেল সংবাদ,গোৱালপাৰা: অসম বার্তাজীৱী সংঘ, গোৱালপাৰা জিলা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা' বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।২০২২ বৰ্ষৰ সন্মানীয় বঁটা প্ৰদান কৰা হৈছে গোৱালপাৰা জিলাৰ জ্যেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ দেবনাথক।

বঁটাটোত আছে এখন চেলেং,এখন মানপত্ৰ,এখন স্মাৰক,এখন ফুলাম জাপি আৰু নগদ ধনৰ টোপোলা। গোৱালপাৰা জিলাৰ সাংবাদিকতাৰ বাটকটীয়া স্বৰূপ প্ৰায়ত সাংবাদিক নৃপেন বৰুৱাৰ স্মৃতিত প্ৰদান কৰা হৈছে এই বঁটা।

তদুপলক্ষে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় বঁটা প্ৰদানৰ এক অনাড়ম্বৰ অথচ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।অসম বার্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মাই পুৱা ১১ বজাত প্রয়াত নৃপেন বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি চৈয়দ ৰবিউল হকৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটো উদ্বোধন কৰে গুৱাহাটী প্ৰেছ একাডেমিৰ সভাপতি মধুসূধন মেধিয়ে। তেওঁ উদ্বোধনী ভাষনত প্ৰয়াত সাংবাদিক গৰাকীৰ বিষ্টিত আৰু উল্লেখনীয় কৰ্মময় জীৱনৰ চমু আলোকপাত কৰি বঁটাটোৰ তাৎপৰ্য ব্যাখ্যা কৰে।

আজিৰ বঁটা প্ৰদান অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল 'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক ফণীধৰ দাস । চলিত বৰ্ষৰ পৰা গোৱালপাৰা জিলা বাৰ্তজীৱী সংঘই ঘোষণা কৰা উল্লেখিত বঁটা সন্দৰ্ভত মুখ্য অতিথিৰ ভাষণত জ্যেষ্ঠ সহকাৰী সম্পাদকগৰাকীয়ে কয় যে-সুযোগ্য সাংবাদিকক বঁটা প্ৰদানে সাংবাদিকতাক উৎসাতিত কৰে।যদি কোনোৱা চৰকাৰৰ পদলেহনকাৰীক বঁটা প্ৰদান কৰা হয় তেন্তে অকল জিলা বাৰ্তাজীৱীকে কালিম নাসানিব, সাৰগ্ৰীকভাৱে অসম বাৰ্তাজীৱীৰো গাত চেকা লাগিব।

এইবাৰ যিদৰে সুযোগ্যজনক বাছনি কৰি বঁটা প্ৰদান কৰা হৈছে,সেইদৰে ভৱিষ্যতেও যাতে সতৰ্কতা আৰু সথিক মাপকাঠিৰে সুযোগ্য সাংবাদিক বাছনি কৰি বঁটা প্ৰদান কৰা হয় সেই ক্ষেত্ৰত উপদেশ কৰে।যদি কোনো বৰ্ষত সুযোগ্য সাংবাদিক বাছনিত নোলায়,তেন্তে সেই বৰ্ষৰ বঁটা প্ৰদান নকৰিলেও চলিব বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়।

আজিৰ সভাখনত কম মানুহ আছে। কিন্তু বাৰ্তা কঢ়িয়াই নিব। গোৱালপাৰা জিলা বাৰ্তা জীৱী সংঘইও বাৰ্তা কঢ়িয়াই নিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বঁটা প্ৰাপক সাংবাদিক কন্দৰ্প কুমাৰ দেবনাথক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ আৰু কয়-সাংবাদিকতা সাম্প্ৰতিক সময়ত একাংশৰ বাবে ধন আহৰণৰ আহিলা হৈ পৰিছে।ফলত প্ৰকৃত সাংবাদিকে বৰ মনোকষ্ট পায়।কাৰ্যপালিকা,ন্যায়পালিকা বিধান মণ্ডলে সাধাৰণ ৰাইজৰ ক্ষতি কৰা কাম কৰিলে সাংবাদিকে ৰাইজৰ হৈ মাত মাতে।ৰাজনৈতিক নেতাই স্পনছৰ কৰা নিৰ্লজ সাংবাদিক হ'ব নেলাগে।

পৰাগ কুমাৰ দাস, কমলা শইকীয়াৰ দৰে বহু সাংবাদিকে এইখন অসমতে ৰাইজৰ হকে কাম কৰি প্ৰাণ আহুতি দিছে। সাম্প্ৰতিক সময়ত মানুহবোৰক মানুহ কৰি নাৰাখিবলৈ কছৰৎ কৰি থকা হৈছে।সেইদৰে জাতীয় চেতনাক ভিন্ন প্ৰকাৰে নষ্ট কৰিব বিচৰা হৈছে বুলি তেওঁ আক্ষেপ কৰি ৰাইজৰ হকে কাম কৰা সত্য সাংবাদিকতাক 'জনতাৰ আদালত' বুলি আখ্যা দি তেওঁৰ বহুমূলীয়া ভাষণ সামৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম বার্তাজীবী সংঘৰ সভাপতি টুটুমণি ফুকন আৰু বাৰ্তাজীবী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাইও বহুমূলীয়া ভাষণ আগবঢ়ায়।বঁটা প্ৰাপক কন্দৰ্প কুমাৰ দেবনাথে নিজৰ চমু ভাষণত গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘৰ শলাগ লয়।

আৰু পঢ়ক: সমিতি গঠনৰ নামত মাজুলীত পকী গৃহ নিৰ্মাণ প্ৰতিপত্তিশালী লোকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in