৮ কোটি ব্যয়ৰে ষ্টেট অৱ্ আৰ্হিত গঢ়ি তোলা হ'ব নৱগ্ৰহ শ্মশান

 ৮ কোটি ব্যয়ৰে ষ্টেট অৱ্ আৰ্হিত গঢ়ি তোলা হ'ব নৱগ্ৰহ শ্মশান

ডিজিটেল ডেস্কঃ সৰ্বাংগসুন্দৰৰূপত নৱগ্ৰহ শ্মশানখন গঢ়ি তুলিবলৈ এলানি উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নৱগ্ৰহ শ্মশান সেৱা সমিতিয়ে। প্ৰথম পৰ্যায়ত ৪ কোটি টকা ব্যয়ৰে এই কামসমূহ সম্পূৰ্ণ কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱগ্ৰহ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৮ কোটি টকা আৱন্টন দিছে। সেই ধনৰ ৪ কোটি ব্যয়ৰে নৱগ্ৰহত প্ৰৱেশ কৰা পথ সমূহত ব্লক পাৰি ইতিমধ্যে সেই নিৰ্মাণ সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও প্ৰৱেশ দ্বাৰত লোহাৰ গেট নিৰ্মাণ কৰি নতুনকৈ স্থাপন কৰা হৈছে।

নৱগ্ৰহ শ্মশানত ৪ টা চিতা ব্যৱহাৰৰ অনুপযোগী হৈ আছিল। এই চাৰিওটা চিতা পুনৰ ব্যৱহাৰৰ কামো সম্পূৰ্ণ কৰি তুলিছে সেৱা সমিতিয়ে। স্বৰ্গীয় দুৰ্গ প্ৰসাদ চলিহাৰ অৱক্ষয় মূৰ্তিৰ সৈতে থকা বাগিচাখন আটক ধুনীয়াকৈ গঢ়ি তুলিবলৈ ইয়াত ষ্টীল ফেব্ৰিকেশ্যনৰ সুন্দৰ বেৰ দিয়া হৈছে।

শ্মশানখনৰ দেৱালবোৰো মেৰামতি কৰি সৰ্বাংগ সুন্দৰ কৰি ৰাখিছে সেৱা সমিতিয়ে। শ্মশানখনত যাতে পেলনীয়া সামগ্ৰীসমূহ পেলাবৰ বাবে ডাইনাৰোফে নিৰ্মাণ কৰি দিছে ২০x৮০ ফুটা আকাৰৰ বৃহৎ ডাষ্টবিন।

এইবোৰৰ উপৰিও প্ৰথম পৰ্যায়ৰ মুখ্যমন্ত্ৰীৰ আৱন্টিত ৪ কোটি টকাৰে ৭ টা চিতা , ৩ খন বহা স্থান, ২ টা মহ প্ৰতিৰোধ ক্ষমতাযুক্ত বহা স্থান, নীতি-নিয়মৰ মাজেৰে স্নানগাৰৰ ব্যৱস্থা, শৱগৃহ কেবিন, অন্যান্য কমিউনিটি চিতা, বাগিছা আৰু লেণ্ড স্কেপিং, পথ নিৰ্মাণ, নলা নিৰ্মাণ, আন্তঃপানী যোগান ব্যৱস্থ, চৌহদ ৱাল, আধুনিক ভস্ম সংগ্ৰহৰ ব্যৱস্থা, বিদ্যুতৰ কাম, শিলৰ বাৱণ্ডাৰী ৱালৰ কাম চলি আছে।

২০২২-২৩ বৰ্ষত নৱগ্ৰহ শ্মশান সেৱা সমিতিয়ে কি কি কাম কৰিলে এই সন্দৰ্ভত সাধাৰণ সম্পাদকৰ দ্বিতীয় বাৰ্ষিক প্ৰতিবেদনত সৱিস্তাৰে উল্লেখ কৰা হৈছে। ২৫ ফেব্ৰুৱাৰী ২০২৪ ৰ দিনৰ ১১ বজাত অনুষ্ঠিত নৱগ্ৰহ শ্মশান সেৱা সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ গ্ৰহণ কৰা উদ্যোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে সেৱা সমিতিৰ বিষয়ববীয়া আৰু গুৱাহাটী পৌৰপতি মৃগেন শৰণীয়াই ২৫ ফেব্ৰুৱাৰী ২০২৩ ত মুখ্যমন্ত্ৰী ড০ শৰ্মাক সাক্ষাৎ কৰিছিল। সেই সাক্ষাতত শ্মশান সেৱা সমিতিয়ে এখন আবেদন দিছিল মুখ্যমন্ত্ৰীক।

মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলা উপাযুক্তক সমিতিৰ আবেদন মৰ্মে ষ্টেট অৱ্ আৰ্ট আৰ্হিত শ্মশানখনৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন কল্পে স্থাপত্যিবিদৰ নিযুক্তিৰে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। সেই মৰ্মে সমিতিৰ কাৰ্যনিৰ্বাহকৰ কেইবাখনো বৈঠকৰ অন্তত চন্দ্ৰধৰ বৰাক আহ্বায়ক হিচাপে লৈ বলেন্দ্ৰ ভৰালীক সভাপতি আৰু মুকুট চন্দ্ৰ বৰাক কাৰ্যকাৰী সভাপতি হিচাপে লৈ এখন উপসমিতি গঠন কৰি দিয়ে।

সেই উপ-সমিতিয়ে নৱগ্ৰহ শ্মশান সেৱা সমিতি সংবিধানৰ নিয়মাৱলী সংশোধন কৰি সংযোজন কৰাৰ ব্যৱস্থা কৰে। নৱগ্ৰহ শ্মশানৰ নক্সা প্ৰস্তুত আৰু প্ৰাককলনত ধাৰ্য কৰা ৮ কোটি ধনেৰে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় ২৮ আগষ্ট ২০২৩ ত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইদিনা গোপীনাথ বৰদলৈ মৃত্যু বাৰ্ষিকী নৱগ্ৰহলৈ আহি লোকপ্ৰিয় শান্তি স্থলত শ্ৰদ্ধা জ্ঞাপন কৰি এই কামৰ আধাৰশিলা পৌৰপতি মৃগেন শৰণীয়াৰ দ্বাৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

পৌৰ নিগমেও ৩জনকৈ কৰ্মচাৰী নিয়োগ কৰিছে এই শ্মশানখনত। বৰ্তমান নৱগ্ৰহ শ্মশান সেৱা সমিতিৰ দুখন স্বৰ্গৰথ আছে। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সেই বাহন দুখনৰ মটৰ ভেহিকেল টেক্স ৰেহাইৰ ব্যৱস্থা কৰি দিছে।

চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নৱগ্ৰহ শ্মশান সমিতিলৈ সহায় সহযোগ আগবঢ়াই আহিছে। ২০২৩ বৰ্ষত সমিতিয়ে আৰ্থিকভাৱে পিছপৰা ১০০ গৰাকী মৃতকৰ পৰিয়াললৈ সৎকাৰৰ বাবে বিনামূলীয়াকৈ খৰি যোগান ধৰিও উৎকৃষ্ট মানৱ সেৱাৰ উদাহৰণ দাঙি ধৰিছে।

২০২২-২৩ বৰ্ষত সমিতিৰ বেংক একাউন্টত ২৩,২০,০৮০৬২ টকা জমা হৈছে। ইয়াৰে ১২,৬২, ৩৮৮.৭০ টকা ব্যয় হয় আৰু বাকী ধন জমা আছে সমিতিৰ হাতত। অক্লান্ত প্ৰচেষ্টা আৰু পৰিকল্পনাৰে এই শ্মশানখন সুন্দৰূপত গঢ়ি তুলিবলৈ সেৱা সমিতিৰ বিষয়-ববীয়াসকলে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

 ৮ কোটি ব্যয়ৰে ষ্টেট অৱ্ আৰ্হিত গঢ়ি তোলা হ'ব নৱগ্ৰহ শ্মশান
ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in