ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ

ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা মধ্যপ্ৰদেশৰ দিন্দোৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বড়ঝাৰ ঘাটত যাত্ৰীবাহী পিকআপ বাহন এখন অনিয়ন্ত্ৰিত হৈ দুৰ্ঘটনাতপতিত হয়। এই দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ জনলোক আহত হয়। আহতসকলৰ চিকিৎসা চলি আছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই পথ দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰে আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে। লগতে আহতসকলৰ চিকিৎসা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, মৃতসকলৰ ভিতৰত ৬ জন পুৰুষ আৰু ৮গৰাকী মহিলা। এই লোকসকলে এক ঘৰুৱা কাৰ্যসূচীত অংশ লৈ উভতি আহি আছিল। আঘাতপ্ৰাপ্ত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ
এদিন বন্ধত অসমত লোকচান ১৬৪৩ কোটি টকাৰ, সেই টকা ভৰিব লাগিব বন্ধ দিয়া সকলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in