
ডিজিটেল সংবাদ, বটদ্ৰৱা : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত যোৱা ৩ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিশেষ শিবিৰত একবিংশ শতিকাৰ কৌশল(life skill)ৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে দিব্যজ্যোতি বৰুৱাই।
শিবিৰত নতুন শিক্ষা নীতিৰ আধাৰত 'ষ্টেম' প্ৰকল্পৰ প্ৰশিক্ষক বৰুৱাই "আত্ম-সচেতনতা, যোগাযোগ, সহানুভূতি, জটিল চিন্তা, সৃজনীশীল চিন্তা, সিদ্ধান্তকৰণ, আন্তঃব্যক্তিক সমন্ধ, দক্ষতাপূৰ্ণ যোগাযোগ, আৱেগ নিয়ন্ত্ৰণ, দুশ্চিন্তা নিয়ন্ত্ৰণ এই দহটা জীৱন কৌশলৰ বিষয়ে কাৰ্যকলাপ, খেল আৰু বক্তৃতা মাজেৰে বিশ্লেষণ কৰে। ধিং মহাবিদ্যালয়ৰ দ্বাৰা প্ৰতিপালিত নিজ ধিং গাঁৱস্থিত নিজ ধিং প্ৰাথমিক বিদ্যালয় প্ৰাংগনত চলি আছে এই বিশেষ শিবিৰ।
৩ এপ্ৰিলত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা শিবিৰত উদেশ্য ব্যখ্যা কৰে নিত্যানন্দ বৰাই। শিবিৰত আগন্তুক দিনসমূহত ৰিকু কটকী(আত্ম সুৰক্ষা), ডা০ জয়াশ্ৰী পাঠক(গাঁৱৰ স্বাস্থ্য সজাগতা), প্ৰাঞ্জল ৰাজখোৱা(উদ্যমীতা), ৰূপজ্যোতি কৰে(জীৱনৰ বাবে যোগ) বিভিন্ন বিষয়ৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ধিং মহাবিদ্যালয় গোটৰ তত্বাৱধায়ক ড০ মুকুট মনি শইকীয়াৰ পৰিকল্পনাৰে গাঁৱৰ অনান্য পৰিবেশৰ মাজত অনুষ্ঠিত শিবিৰটোত ধিং মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে নিজ ধিং প্ৰাথমিক বিদ্যালয়ৰ কনকন ছাত্ৰ ছাত্ৰী, নিজ ধিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী কৃষ্ণা বৰা কলিতা, জোনালী শইকীয়াকে আদি কৰি গাঁওখনৰ আইমাতৄ সকল উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজ ধিং গাঁও খনৰ ১২০ ঘৰ লোকৰ ঘৰে ঘৰে গৈ এক আৰ্থ সামাজিক পিয়লো চলাইছে।