ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস উদযাপন

আলোচনা সভাত বৈজ্ঞানিক মানসিকতাৰ বিকাশ আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধিতাৰ আহ্বান...
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ বিভিন্ন ঠাইত ছাত্র-ছাত্রীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, আলোচনা সভা, শোভাযাত্রা আদি কাৰ্যসূচীৰে ২০আগষ্ট তাৰিখে "ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস" পালন কৰা হয় । ২০১৩ চনৰ ২০আগষ্ট দিনটোতে দেশৰ যুক্তিবাদী আন্দোলনৰ শীৰ্ষনেতা বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ অন্যতম নায়ক ডাঃ নৰেন্দ্ৰ দাভোলকাৰ প্ৰতিক্ৰিয়াশীল সকলৰ হাতত নিহত হৈছিল। তেওঁৰ স্মৃতিতে পালন কৰা হয় এই দিৱসটি।

এই দিৱস উপলক্ষে সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক(AIPSN) সমন্বয়ৰক্ষী সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহতো অনুষ্ঠিত হয় বিশেষ সভা। আলোচনা সভাত বক্তৃতা প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি বিশিষ্ট বিজ্ঞানী ড০ মোহন চন্দ্র কলিতাই কয়- অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূল কৰি জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতা প্ৰচাৰ আৰু প্ৰসাৰৰ কামত যি সকল ব্যক্তি আৰু অনুষ্ঠানে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ ভিতৰত অন্যতম আছিল ডাঃ নৰেন্দ্ৰ দাভোলকাৰ । ডাঃ দাভোলকাৰৰ এই আন্দোলনৰ ফলস্বৰূপে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাধ্যমেৰে সাধাৰণ জনতাৰ ওপৰত শোষণ চলাই থকা স্বাৰ্থন্বেষীৰ স্বাৰ্থ বিঘ্নিত হয়।

এই সকল স্বাৰ্থন্বেষীৰ ভাবুকিলৈ কেৰেপ নকৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিয়াৰ বাবেই তেখেতক হত্যা কৰা হয়। কিন্তু এই হত্যাই অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী আন্দোলনক স্থবিৰ কৰিব নোৱাৰে বুলি কৈ তেখেতে দেখুৱাই যোৱা বাটেৰে বৈজ্ঞানিক মানসিকতাৰ বিকাশ আৰু অন্ধবিশ্বাস-কুসংস্কাৰ নিৰ্মূল কৰাৰ লক্ষ্যত আগবাঢ়ি যোৱাৰ বাবে অধ্যাপক কলিতাই আহ্বান জনায়। সভাত আন এজন বিশিষ্ট বক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী শান্তনু বৰঠাকুৰে কয়- কেৱল ডাঃ নৰেন্দ্ৰ দাভোলকাৰ নহয়, পৰৱৰ্তী সময়ছোৱাত একেবোৰ শক্তিৰ হাতত নিহত হৈছিল বৈজ্ঞানিক মানসিকতাৰ পক্ষে আৰু সকলো ধৰণৰ সাম্প্ৰদায়িকতা-ধৰ্মীয় উন্মাদনা-অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰা যুক্তিবাদী লেখক-চিন্তাবিদ গোবিন্দ পানছাৰ, কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য এম এম কালবুৰ্গি, নিৰ্ভীক সাংবাদিক গৌৰী লংকেশ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট লোক।

আনহাতে এই সময়ছোৱাত দেশত প্ৰতিনিয়ত বৃদ্ধি পাইছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ। বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ ওপৰত চলিছে পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ। প্ৰতিষ্ঠিত বৈজ্ঞানিক তত্ত্ব আৰু পৰীক্ষালব্ধ জ্ঞানক নাকচ কৰি অপবিজ্ঞান-কল্পবিজ্ঞানৰ চৰ্চা চলিছে ব্যাপক হাৰত। এয়া সকলো হৈছে ৰাজনৈতিক স্বাৰ্থত। এই সকলো ধৰণৰ পশ্চাদগামী ধ্যান ধাৰণাৰ বিৰুদ্ধে থিয় হৈ, বিজ্ঞান আৰু মানৱতাৰ স্বাৰ্থত সকলোকে সকলো মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক লোকৰ সমবেত কৰাৰ আহ্বান জনায়।

উল্লেখ্য যে- সভাখন পৰিচালনা কৰে বিশিষ্ট বিজ্ঞানী ডঃ কালি প্ৰসাদ শৰ্মাদেৱে। সভাত সদ্য প্ৰয়াত বিশিষ্ট চিত্ৰ শিল্পী কিৰণ শংকৰ ৰয়ৰ মৃত্যুত শোকপ্রকাশ কৰে। সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখা কৰে সদৌ ভাৰত জন বিজ্ঞান নেটৱৰ্ক (AIPSN)ৰ সমন্বয়ৰক্ষী সমিতিৰ অনুপ ৰায়চৌধুৰী। সভাত সৰ্বসন্মতি ক্ৰমে অসমৰ জৈৱ বৈচিত্র্যেৰ বাবে ক্ষতিকাৰক পাম তৈলৰ খেতি প্ৰচলনৰ চৰকাৰী সিদ্ধান্ত আৰু বনাঞ্চল সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ বনাঞ্চল সুৰক্ষা আইন প্ৰত্যাহাৰৰ দাবীত প্ৰস্তাৱ গৃহীত হয়। তদুপৰি সভাৰ ঠিক পিছতে "বিজ্ঞানৰ বাবে শোভাযাত্ৰা" উলিওৱা হয়।

ইপিনে গুৱাহাটীৰ উপৰিও শদিয়া, দুমদুমা, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, তেজপুৰ, গোৱালপাৰা, টিহু, বৰপেটা ৰ'ড, কামৰূপ গ্ৰাম্য জিলাৰ বকো, মিৰ্জা সমন্বিতে অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, বিতৰ্ক, চিত্ৰাংকণ প্ৰতিযোগিতা, আলোচনা সভা, প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস উদযাপন
বেয়া দিন চলিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in