বেয়া দিন চলিছে...

বেয়া দিন চলিছে...

-লশ্মিতা শইকীয়া

খবৰ আহিছে। খবৰৰ মাজত হেৰাইছে খবৰ। ভাল খবৰ বুলিবলৈ একো নাই। চৌদিশে হত্যা-হিংসা-লুণ্ঠন। প্ৰায় প্ৰতি দিনেই উদ্ধাৰ হৈছে মৃতদেহ। কৰবাত কোনোজনক মৰিয়াই মাৰিছে এজাক মানুহে, কৰবাত বন্ধুৱে হত্যা কৰিছে বন্ধুক, কোনোজন আকৌ বলি হৈছে পত্নীৰ পৰিকল্পিত হত্যাকাণ্ডৰ, কোনোজনক সম্পত্তিৰ লোভত হত্যা কৰিছে ভাতৃয়ে ইত্যাদি ইত্যাদি।

এইবোৰ কোনো বলিউডৰ কাহিনীৰ ভিলেইনৰ চৰিত্ৰ নহয়, নহয় কোনো ৰহস্যধৰ্মী উপন্যাসৰ কাহিনী, এয়া বহিঃৰাজ্যৰ অশিক্ষিত ভিতৰুৱা অঞ্চলৰ কথাও নহয়। এয়া অসমৰ শেহতীয়া পৰিস্থিতি।

শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা এই ঘটনাবোৰে দাঙি ধৰিছে হত্যা-হিংসাই জৰ্জৰিত অসমৰ ছবিখন। প্ৰায় প্ৰতিদিনেই অসমৰ বাতৰিৰ শিৰোনাম দখল কৰে এনেবোৰ বেয়া খবৰে। ইটোৰ পাছত সিটো হিংসাত্মক ঘটনাই জোকাৰিয়েই থাকে ৰাজ্যৰ বিভিন্ন ঠাই। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিটো প্ৰান্তৰ পৰাই আহে এনে বেয়া খবৰবোৰ।

সৌসিদিনা বন্দনা কলিতাই সংঘটিত কৰৰা ডাবল মৰ্ডাৰৰ ঘটনা, শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত চিকিৎসক দম্পত্তি, গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰৰ পৰা আৰম্ভ কৰি অতি শেহতীয়া বিজেপি নেত্ৰীক আত্মহনন কৰিবলৈ পৰোচিত কৰালৈকে বেয়া খবৰেই আগুৰি আছে অসমখনক। এইবোৰ বাতৰিৰ বিগ ব্ৰেকিং দখল কৰা খবৰ। ইয়াৰ মাজত সৰু বুলি ভবা খবৰবোৰ আকৌ গণি শেষ কৰিব নোৱাৰি।

কিছুদিন আগতে মহানগৰীৰ হাতীগাঁৱত সম্পত্তিৰ বাবে নিজ ভাতৃত ছুপাৰী লগাই ভাতৃক হত্যা কৰা ঘটনা, চাহ-বাগিচা এলেকাত পুত্ৰৰ হাতত মৃত্যু মাতৃৰ, সুৰাপায়ী পিতৃৰ কুঠাৰঘাতত মৃত্যু পুত্ৰ, লখিমপুৰত ছাগলী চুৰৰ হাতত মৃত্যুক আঁকোৱালি লোৱা যুৱক, ধাৰলৈ দিয়া টকা উভতাই বিচৰাৰ অপৰাধত মহিলাক কৰা হত্যা, মৰেল পুলিচিঙৰ ফলত প্ৰাণ হেৰুওৱা যুৱক, বিদ্যুৎ বিভাগৰ চৰকাৰী কৰ্মচাৰীক উগ্ৰ স্থানীয়ৰ আক্ৰমণ, নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যু, কোনো নৰপিশাচৰ কামনাৰ বলি হোৱা কিশোৰী তদুপৰি অচিনাক্ত মৃতদেহ উদ্ধাৰ আদিবোৰ এতিয়া ৰাজ্যৰ প্ৰতিদিনৰ সাধাৰণ খবৰলৈ পৰিণত হৈছে।

যেন মানুহৰ পৰা অমানুহ হৈ পৰিছে অসমৰ অকাংশ লোক। কোন বাটে অসমৰ শিক্ষিত সমাজ ?- এই প্ৰশ্নৰ উত্তৰ নাইকীয়া হৈ পৰিছে। ৰাজ্যত এটা গৃহ বিভাগ আছে। আছে পুলিচ প্ৰশাসনো। কিন্তু কাণসাৰ নাই এনে হিংসাত্মক ঘটনালৈ। মানুহেও ভয় নকৰে প্ৰশাসনলৈ, ভয় নকৰা হ'ল সমাজৰ কথালৈ-আত্মীয়তাৰ বান্ধোনলৈ।

মানুহৰ পৰা আঁতৰি গৈছে মানুহ। নিজৰ বাদে আনৰ কোনো কথাই চুই নাযায় মানুহৰ অন্তৰক। মানুহে মানুহৰ সৈতে কথা পতাৰ আহৰি নোপোৱাৰ ফল এয়া। অত্যাধিক সামাজিক মাধ্যম ব্যৱহাৰৰ ফলাফল এয়া। টকাৰ অভাৱ নোহোৱা মানুহৰ বৰ্তমান সময়ৰ অভাৱ হোৱাৰ ফল এয়া।

অসমৰ পূৰ্বৰ সমাজ জীৱনলৈ চালে দেখা যায় যে, আত্মীয়তাৰ বান্ধোনেৰে বান্ধ খাই আছিল প্ৰতিজন অসমীয়া। সমাজৰ ভয়ত বিৰত আছিল সমাজবিৰোধী তথা হিংসাত্মক ঘটনাৰ পৰা। সেয়া ইতিহাস হ'ল। যান্ত্ৰিকতাৰ ঢৌত উটি-ভাঁহি চহৰমুখী হোৱা মানুহে এতিয়া খাটিৰ নকৰে সমাজক, আত্মীয়ক।

চলিত মাহৰ ৬ আগষ্টৰ কথা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছিল ১০ টাকৈ মৃতদেহ। ১৯ আগষ্টত লংকাত দা-লাঠিৰে একাংশই আক্ৰমণ কৰিলে পুলিচক। শূন্যলৈ গুলী চলাবলৈ বাধ্য হ'ল পুলিচ। একেদিনাই বজালিতো আন এক হৃদয়বিদাৰত ঘটনা, মাত্ৰ ১১ দিনীয়া কন্যাক বিক্ৰী কৰিব নোৱাৰি হত্যা কৰিলে পিতৃয়ে। মিৰ্জাৰ বিজয়নগৰতো পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱালে এজনে।

এনেধৰণৰ খবৰে দৈনিক বাতৰিত স্থান পাই আহিলেও ভয়-শংকা নাই চৰকাৰৰ, দল-সংগঠনৰ তথা সচেতন মহলৰ। সজাগতাৰ অভাৱতেই অসমত দৈনিক বৃদ্ধি পাই আহিছে এনে হিংসাত্মক ঘটনা। সামাজিক মাধ্যমৰ ঋনাত্মক প্ৰভাৱত এতিয়া উচ্ছৃংখল হৈ পৰিছে একাংশলোক। মৰেল পুলিচিঙে চানি ধৰা অসমৰ এনে পৰিস্থিতিৰ প্ৰতি কাণসাৰ নাই গৃহবিভাগৰ।

ৰাজনৈতিক খবৰৰ মেৰপাকত বিৰোধীৰো চকু নাই এই বিষয়ত। মুনাফা লাভৰ সকে কাম কৰা তথাকথিত সামাজিক সংগঠন-বেচৰকাৰী সংস্থাইও এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই পৰ্যন্ত কোনো পদক্ষেপ লোৱাৰ চিন্তা কৰাৰ পৰিলক্ষিত হোৱা নাই। উগ্ৰ হৈ পৰা একাংশলোকে অসমৰ সমাজ জীৱনৰ প্ৰতি যে ভয়ানক ভাবুকি কঢ়িয়াই আনিছে সেয়া চিন্তনীয় বিষয়। গতিকে অসমৰ প্ৰেক্ষাপটত সময় থাকোতেই এনে ঘটনাৰ পৰা বিৰত থাকিবলৈ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে।

বেয়া দিন চলিছে...
এইডছে লৈছে ভয়াৱহ ৰূপ : সৰ্বাধিক এইছ আই ভি পজিটিভ আক্ৰান্ত হোৱাৰ পথত অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in