ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ডিজিটেল সংবাদ,ৰঙিয়া: কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে দিনৰ ১১ বজাত মহাবিদ্যালয়খনত "বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি" লৈ মূল বিষয় হিচাপে অনুষ্ঠিত হয় ।

বায়োটেক হাবৰ উদ্যোগত আৰু আইকিউএচি উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত,ডিবিটিৰ নতুন দিল্লীৰ সৌজন্যত জৈৱ বৈচিত্ৰ্যৰ ধাৰণা আৰু ব্যৱহাৰৰ ক্ষেত্ৰত এক বিশদভাৱে বক্তব্য আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড° কুমুদানন্দ টায়ুঙে ।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগেও বিশেষ দিনটোত সহযোগিতা আগবঢ়োৱাৰ লগতে তাৎপৰ্য ব্যাখ্যা কৰে ।

বিগত সময়চোৱাত একাধিক ব্যতিক্ৰমী কৰ্মসূচীৰে বহুল চৰ্চিত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগে প্ৰস্তুত কৰা ২ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই । আনহাতে এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আজিৰ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়া, অধ্যাপক হৃষীকেশ দাস, প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰেমকিষাণ সিং, ইংৰাজী বিভাগৰ অধ্যাপক হেমেন দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
কামৰ সন্ধানত গৈছিল বহিঃৰাজ্য়লৈ! চলন্ত ৰেলতে দুৰ্বৃত্তই প্ৰাণ ল'লে অসমৰ যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in