কামৰ সন্ধানত গৈছিল বহিঃৰাজ্য়লৈ! চলন্ত ৰেলতে দুৰ্বৃত্তই প্ৰাণ ল'লে অসমৰ যুৱকৰ

কামৰ সন্ধানত গৈছিল বহিঃৰাজ্য়লৈ! চলন্ত ৰেলতে দুৰ্বৃত্তই প্ৰাণ ল'লে অসমৰ যুৱকৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: কৰ্ম সংস্থাপনৰ পম খেদি বহিঃৰাজ্যলৈ ঢাপলি মেলা কৰ্মক্ষম সুঠাম অসমীয়া যুৱক পুনৰ আক্ৰমণৰ বলি হৈ মৃত্যু  হোৱাৰ খবৰ আহিছে। এইবাৰ ঢকুৱাখনা মহকুমাৰ এজন যুৱক কেৰেলালৈ কৰ্ম সংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে অবৰ্ণনীয় অত্যাচাৰৰ বলি  হৈ নিৰ্মম মৃত্যুক সাৱটি লোৱাৰ হোৱাৰ খবৰ পোৱা গৈছে।

ঘটনাৰ বিবৰণী অনুসৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত  শিঙিয়া গাঁওৰ পুলিচ চুকৰ মজিন শইকীয়া (মথং )নামৰ ৩৫ বছৰীয়া যুৱকজন যোৱা ২৪ ফেব্ৰুৱাৰীত স্ব-গৃহৰ পৰা ওলাই গৈছিল কেৰেলালৈ বুলি। মনত পুহি ৰখা অযুত  সপোন বাস্তৱায়িত কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজন আৰু নাহে ঘৰলৈ ঘূৰি।

ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা ঘৰৰ সৈতে সংযোগবিহীন হৈ আছিল যুৱকজন।ঘৰৰ একমাত্ৰ কৰ্মক্ষম যুৱকজনৰ এনে যোগাযোগবিহীন  অৱস্থাৰ মাজেৰে দুৰ্ভগীয়া পৰিয়ালটোৱে বিনিদ্ৰ ৰজনী কটোৱাৰ সময়তে এক অজ্ঞাত সূত্ৰৰ পৰা আহিছে এক মৰ্মান্তিক খবৰ।

অন্ধপ্ৰদেশ ৰাজ্যৰ অংগোল নামৰ স্থানৰ পৰা এজন অজ্ঞাত ব্যক্তিযে নিজকে হায়দৰাবাদ আৰক্ষী বুলি চিনাকি দি +91 94408 87143 নম্বৰৰ পৰা যুৱকজনৰ ঘৰলৈ ফোন কৰি অৱগত কৰে যে যুৱকজনক যাত্ৰা পথত অজ্ঞাত লোকে সৰ্বস্ব লুটি ট্ৰেইনৰ পৰা গতিয়াই বাহিৰলৈ পেলাই দিয়ে । 

পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে । এই সন্দৰ্ভত পৰিয়ালক অৱগত কৰাৰ পৰৱৰ্তী সময়ত এই বিশেষ ব্যক্তিজন সংযোগবিহীন হয় ।

পৰিয়ালে বাৰম্বাৰ এই বিশেষ ব্যক্তিজনৰ সৈতে ফোন যোগে সংযোগ কৰাৰ চেষ্টা কৰিও বিফল হয় । তাৰপাছতে বুধবাৰে বিয়লি ব্যক্তি গৰাকীয়ে পুনৰ ঘৰলৈ ফোন কৰি যুৱকজনৰ মৃত্যুৰ বাতৰি দিয়ে । ঘৰৰ একমাত্ৰ উপাৰ্জন সক্ষম যুৱকজনৰ এনে মৰ্মান্তিক বিয়োগৰ খবৰ পাই দৰিদ্ৰ পৰিয়ালটোত কান্দোনৰ  ৰোল উঠে।।ইতিমধ্যে ঘৰৰ আত্মীয় অন্ধ্ৰপ্ৰদেশলৈ যাত্ৰা কৰিছে।

দুৰ্ভগীয়া পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ জৰুৰী সহায় কামনা কৰিছে ।

কামৰ সন্ধানত গৈছিল বহিঃৰাজ্য়লৈ! চলন্ত ৰেলতে দুৰ্বৃত্তই প্ৰাণ ল'লে অসমৰ যুৱকৰ
ভয়ংকৰ! প্ৰাণ বচাবলৈ দিছিল জাঁপ, ট্ৰেইনৰ খুন্দাত মৃত্য়ু কমেও ১২ জনৰ, আহত ৪০ৰ অধিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in