ফৰকাটিং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস উদযাপন...

দেশজুৰি উদযাপিত হোৱা ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস (National Reading day) উপলক্ষে ফৰকাটিং মহাবিদ্যালয়টো এই দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ফৰকাটিং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস উদযাপন...

ডিজিটেল ডেস্ক : সোমবাৰে সমগ্ৰ দেশজুৰি উদযাপিত হোৱা ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস (National Reading day) উপলক্ষে ফৰকাটিং মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ আৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ উদ্যোগত মহাবিদ্যালয়খনিত ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ প্ৰশাসনিক উপাধ্যক্ষা ইন্দিৰা গগৈয়ে ৰাষ্ট্ৰীয় অধ্যয়ন দিৱস উপলক্ষে ছাত্ৰ - ছাত্ৰীসকলৰ মাজত ভাষণ আগবঢ়ায়।

Advertisment

ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ উপলক্ষে গ্ৰন্থাগাৰিক গায়ত্ৰী বৰুৱাই অনুষ্ঠানটিৰ তাৎপৰ্য বৰ্ণনা কৰে। আনহাতে অসমীয়া বিভাগৰ অধ্যাপক ৰবি চাহুয়ে ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ লগত সংগতি ৰাখি ভাষণ আগবঢ়ায়। বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিনোদ শৰ্মা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ প্ৰকাশ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ শুভেচ্ছা জনায়।

অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গ্ৰন্থৰ সম্পৰ্কে আলোচনা আগবঢ়ায়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়ন অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে। অনুষ্ঠানৰ শেষত গ্ৰন্থাগাৰিকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস...

GOVT OF ASSAM