/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/df255c9b-1df3-409d-84d5-97a331247d20/Mass_puna.jpg)
ডিজিটেল ডেস্ক : আজি ১৯ জুন। এই দিনটোতেই প্ৰকৃতি সুৰক্ষাৰ মহান উদ্দেশ্য বুকুত বান্ধি আৰম্ভ হৈছিল অৰণ্য সুৰক্ষা সমিতি-অসম। প্ৰকৃতি সুৰক্ষা সংস্থাটিৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিগত ২৮ টা বছৰে অৰণ্য সুৰক্ষা সমিতি অসমে অহৰ্নিশে কাম কৰি আহিছে ধুনীয়া ধৰণীৰ স্বাৰ্থত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bee356ee-1716-42e4-a1c9-b1087b60c878/8a6759ba_6019_4388_aa1e_6282d623ff6c.jpg)
প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যত যথেষ্ট পৰিমাণে থলুৱা প্ৰজাতিৰ মাছ হ্ৰাস পোৱাৰ বাবে মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিলাসী পাৰাৰ হাকাম বিলত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। এই কাৰ্যসূচী মুকলি কৰে জিলা মীন বিষয়া ইব্ৰাহিম আলী খানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/31059571-66fc-41df-9786-46c2615bd8b2/885ca6cf_1546_41ea_8195_0d5c9ec00b94.jpg)
অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে এই কাৰ্যসূচীৰ উদেশ্য বাখ্যা কৰি কয় যে, মৎস্য বৈচিত্ৰ্য ৰক্ষা আৰু থলুৱা মাছৰ উৎপাদন তথা সংৰক্ষণৰ উদেশ্য আগত ৰাখি সমিতিয়ে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে হাকামা বিল পক্ষী নিবেশ সমিতিৰ সম্পাদক ধ্ৰুৱ ৰঞ্জন চক্ৰৱৰ্তীৰ লগতে বহু প্ৰকৃতি প্ৰেমীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5d598ad9-f890-4424-9726-f4a20b387ada/483baad3_ed85_4082_ab1f_36c4fd0af904.jpg)
তদুপৰি প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত গছ পুলি ৰোপণৰ লগতে বিশেষ বিশেষ স্থানত বিভিন্ন গছৰ বীজ সিঁচা হয়।
Also Read: ন-ন কৌশলেৰে সৰবৰাহ গো-ধন: চাবুৱাত জব্দ ৫০ৰো অধিক গো-ধন...