GMCH আৰু AMCH ক ৫ বছৰৰ বাবে MBBS ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি NMC ৰ...

GMCH আৰু AMCH ক ৫ বছৰৰ বাবে MBBS ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি NMC ৰ...
GMCH আৰু AMCH ক ৫ বছৰৰ বাবে MBBS ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি NMC ৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজক আগন্তুক ৫ বছৰৰ বাবে এম বি বি এছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে। উল্লেখ্যে যে, প্ৰয়োজনীয় ফেকাল্টিৰ অভাৱৰ লগতে আন্তঃগাঁথনিৰ অভাৱ আদি সমস্যাৰ বাবে অসমৰ কেইবাখনো মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱাৰ দিশে অগ্ৰসৰ হৈছিল।

অৱশ্যে ৭ জুন ২০২৩ ত এক বৈঠকৰ পিছতে আয়োগে দুয়োখন মেডিকেল কলেজলৈ আগন্তুক ৫ বছৰৰ বাবে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে, এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত ব্যৱহাৰিক পৰীক্ষাৰ সময়ত দুয়োখন মেডিকেল কলেজতে নাছিল প্ৰয়োজনীয় ফেকাল্টিৰ লগতে কেমেৰাৰ ব্যৱস্থা।

অসম মেডিকেল কলেজত ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত হোৱা ব্যৱহাৰিক পৰীক্ষা আৰু ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা ২৩ জানুৱাৰীৰ ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ছোৱাত নাছিল প্ৰয়োজনীয় শিক্ষক আৰু বন্ধ হৈ আছিল কেমেৰা। একেদৰে গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত হোৱা ৩ এপ্ৰিলৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়তো নাছিল প্ৰয়োজনীয় ফেকাল্টি আৰু বন্ধ হৈ আছিল কেমেৰা। ইয়াৰোপৰি দুয়োখন মেডিকেল কলেজতেই অন্যান্য আন্তঃগাঁথনিৰ অভাৱ পৰিলক্ষিত হৈছিল।

এই সন্দৰ্ভত দুয়োখন মেডিকেল কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে। সেই জাননীৰ উত্তৰ দুয়োখন মেডিকেল কলেজেই প্ৰদান কৰিছিল যদিও সেই উত্তৰত সন্তুষ্ট হোৱা নাছিল ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ।

সেয়েহে দুয়োখন মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ সম্ভাৱনাই দেখা দিছিল। পৰৱৰ্তী সময়ত দুয়োখন মেডিকেল কলেজেই পৰ্যাপ্ত ফেকাল্টিৰ ব্যৱস্থা কৰি তেওঁলোকৰ নাম AEBAS পৰ্টেলত পঞ্জীয়ন কৰিছে।

ইয়াৰ পাছতে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দুয়োখন মেডিকেল কলেজলৈ পুনৰ ৫ বছৰৰ বাবে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। সেই অনুসৰি গুৱাহাটী মেডিকেল কলেজত ১৫৬ খন আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত ১৭০ খন এম বি বি এছৰ আসনত নামভৰ্তি শীঘ্ৰেই আৰম্ভ হ'ব।

GMCH আৰু AMCH ক ৫ বছৰৰ বাবে MBBS ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি NMC ৰ...
নীলাচলতে নহয়, শিলঘাটতো চলিছে অম্বুবাচীৰ আয়োজনঃ দ্বিতীয় শক্তিপীঠত কামাখ্যাৰ আৰাধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in