নীলাচলতে নহয়, শিলঘাটতো চলিছে অম্বুবাচীৰ আয়োজনঃ দ্বিতীয় শক্তিপীঠত কামাখ্যাৰ আৰাধনা...
নীলাচলতে নহয়, শিলঘাটতো চলিছে অম্বুবাচীৰ আয়োজনঃ দ্বিতীয় শক্তিপীঠত কামাখ্যাৰ আৰাধনা...

নীলাচলতে নহয়, শিলঘাটতো চলিছে অম্বুবাচীৰ আয়োজনঃ দ্বিতীয় শক্তিপীঠত কামাখ্যাৰ আৰাধনা...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী। নীলাচল পাহাৰৰ বুকুত ভক্তৰ ভিৰ। মা কামাখ্যাক আৰাধনাৰ বাবে সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰাও আগমণ ঘটিছে ভক্তৰ।

বৃহস্পতিবাৰে নিশা ২ বাজি ৩২ মিনিটৰ লগে লগে বন্ধ হ'ব কামাখ্যাৰ মূল দুৱাৰ। অম্বুবাচী উপলক্ষে কামাখ্যাত চলা এনে প্ৰস্তুতিৰ বিপৰীতে অসমৰ আন এঠাইতো চলিছে মা কামাখ্যাক লৈ এনে প্ৰস্তুতি।

কলিয়াবৰস্থিত শিলঘাটত থকা কামাখ্যা দেৱালয়তো অম্বুবাচী আৰম্ভ হৈছে।তথ্য অনুসৰি অষ্টম শতিকাতে শালস্তম্ভ ৰজা বনমালদেৱে শিলঘাটস্থিত কামকূট পাহাৰত শিলেৰে কামাখ্যা দেৱালয় স্থাপন কৰিছিল।

১৭৪৫ চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কামাখ্যা দেৱালয় পুনৰ নিৰ্মাণ কৰিছিল। তেতিয়াৰে পৰা পৰা অনুষ্টুপীয়াকৈ ইয়াত মা কামাখ্যাৰ আৰাধনা চলি আহিছে।

নীলাচলৰ কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ দৰেই বৃহ্স্পতিবাৰে নিশা প্ৰবৃত্তি অনুসৰি ২ বাজি ৩২ মিনিটৰ লগে লগে শিলঘাটস্থিত কামাখ্যা দেৱালয়ৰো মূল দুৱাৰ বন্ধ হ'ব। এই দুৱাৰ পুনৰ ২৬ জুনত খোলা হ'ব।

উল্লেখ্যে যে, শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি কোৱা হয়। অৱশ্যে নীলাচল পাহাৰৰ দৰে শিলঘাটৰ কামাখ্যা দেৱালয়লৈ হাজাৰ হাজাৰ ভক্তৰ আগমণ নঘটে। তথাপিও সীমিত সংখ্যক ভক্তৰ সমাগমৰ মাজতেই ইয়াত অম্বুবাচীৰ নীতি নিয়মসমূহ পালন কৰি অহা হৈছে।

নীলাচলতে নহয়, শিলঘাটতো চলিছে অম্বুবাচীৰ আয়োজনঃ দ্বিতীয় শক্তিপীঠত কামাখ্যাৰ আৰাধনা...
এজনো বিধায়কৰ সমৰ্থন নাপায় গৌৰৱ গগৈয়ে ! কাক লৈ যাব সমষ্টিলৈ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in