নগাঁও গ্ৰন্থমেলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

নগাঁও গ্ৰন্থমেলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও গ্ৰন্থমেলাত উদযাপিত হ'ল ৰাষ্ট্ৰীয় গণিত দিৱস । ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ২২ ডিচেম্বৰৰ জন্মদিনটো ২০১২ চনৰ পৰাই ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।

এইবেলিও নগাঁৱৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত নগাঁও গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত বৃহস্পতিবাৰে উদযাপন কৰা হয় গণিতৰ দিন । এই উপলক্ষ্যে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সংগীতা বৰুৱা বৰাৰ পৰিচালনাত অনুষ্ঠিত হয় এক মনোগ্ৰাহী অনুষ্ঠান ।

সহস্ৰাধিক গ্ৰন্থ প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনন্য অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ড৹ নন্দ সিং বৰকলা,জ্যেষ্ঠ সাংবাদিক মণ্টু কুমাৰ শইকীয়া,আমাজনত কৰ্মৰত অংকুশ কোহাৰ,অধ্যক্ষ দিলীপ কুমাৰ বৰা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি তাত্বিক বক্তব্য প্ৰদান কৰে ।

উল্লেখ্য যে, ১৮৮৭ চনৰ ২২ ডিচেম্বৰত জন্মগ্ৰহণ কৰা শ্ৰীনিবাস ৰামানুজনে বিভিন্ন উপপাদ্য সৃষ্টিৰে গণিতত সুদূৰপ্ৰসাৰী অৱদান ৰাখি থৈ গৈছিল । যাৰ বাবে তেওঁক ট্ৰিনিটি কলেজৰ ফেলো হিচাপেও সন্মানিত কৰা হৈছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in