বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

author-image
Asomiya Pratidin
New Update
বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

ডিজিটেল ডেস্ক : ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হ'ল বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ । গল্পকাৰ গৰাকীৰ গল্প সংকলন "ভুল সত্য" শীৰ্ষক গ্ৰন্থখনিৰ বাবে প্ৰদান কৰা হয় এই বঁটা ।     

Advertisment

১৯৬২ চনত নগাওঁত জন্ম গ্ৰহণ কৰা গল্পকাৰ গোস্বামীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল পদাৰ্থ বিজ্ঞান বিভাগত হে । অৱশ্যে অসমৰ খ্যাত প্ৰখ্যাত বহু কেইগৰাকী কবি-সাহিত্যিক বিজ্ঞান, বিশেষকৈ পদাৰ্থ বিজ্ঞান বিভাগৰেই ছাত্ৰ আছিল ।

অসম আন্দোলনৰ পূৰ্বে পদাৰ্থ বিজ্ঞান বিভাগতেই শিক্ষকতা কৰা মনোজ গোস্বামীয়ে আন্দোলনৰ সময়ছোৱাৰ পৰা ৰাজ্যত বৃদ্ধি হোৱা বিভিন্ন সন্ত্ৰাসমূলক দুৰ্ঘটনাৰ আধাৰত কলম তুলি লৈছিল হাতত ।    

গল্পকাৰ গোস্বামীয়ে সাংবাদিক জীৱনৰ পাতনি মেলিছিল ১৯৮৬ চনত নতুন দৈনিক নামৰ বাতৰি কাকত খনৰ জৰিয়তে । সেই সময়ছোৱাত বাতৰি কাকত খনৰ সম্পাদক চন্দ্ৰ প্ৰসাদ শইকীয়াৰ তত্বাৱধানত সাংবাদিকতাৰ শিক্ষা লাভ কৰি মনোজ গোস্বামী পৰৱৰ্তী সময়ত আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদিৰ দৰে অন্যতম বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্য নিৰ্বাহ কৰে । আনহাতে কেৱল ছপা মাধ্যমেই নহয় বৰং ৰাজ্যৰ অন্যতম ইলেকট্ৰনিক সংবাদ মাধ্যম ডি ৱাই-৩৬৫ ৰো মুখ্য সম্পাদকৰ পদত আছিল মনোজ গোস্বামী ।

গল্পকাৰ গোস্বামী ৰাজ্যৰ সাহিত্য প্ৰেমীৰ মাজত এটি জনপ্ৰিয় নাম । ইতিমধ্যেই কেইবাখনো গল্প সংকলন যেনে, ইশ্বৰহীনতা, স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে তথা এলুমিনিয়ামৰ আঙুলিয়ে লাভ কৰিছিল বহুল সমাদৰ । ইয়াৰ ওপৰিও সাংবাদিক জীৱনৰ দীঘলীয়া পৰিক্ৰমাত প্ৰত্যক্ষ কৰা উত্থান পতন সমূহৰ ওপৰত ৰচিত "ৰাজনীতিৰ অলিয়ে-গলিয়ে" শীৰ্ষক সংকলনটিয়েও শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰিছে পঢ়ুৱৈ সমাজৰ মাজত ।

তেনে সময়তেই গল্পকাৰ মনোজ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা প্ৰদানৰ খবৰটি নিশ্চয়কৈ বছৰটোৰ অন্তিম সময়ছোৱাৰ এটি অন্যতম ভাল খবৰ ।

আৰু পঢ়ক : থলুৱা যুৱক-যুৱতীৰ সংৰক্ষণ বিচাৰি বঙাইগাঁও শোধনাগাৰত উত্তাল প্ৰতিবাদ

sahitya akademi