ভাৰতে দিব বিশ্বগুৰুৰ মৰ্যদা, দেশত পৰৱৰ্তী ৪০ বছৰ বিজেপিৰ যুগ: অমিত শ্বাহ

ভাৰতে দিব বিশ্বগুৰুৰ মৰ্যদা, দেশত পৰৱৰ্তী ৪০ বছৰ বিজেপিৰ যুগ: অমিত শ্বাহ

author-image
asomiyapratidin
New Update
ভাৰতে দিব বিশ্বগুৰুৰ মৰ্যদা, দেশত পৰৱৰ্তী ৪০ বছৰ বিজেপিৰ যুগ: অমিত শ্বাহ

ডিজিটেল ডেস্ক: একেৰাহে ৭ বছৰ শাসনত থকা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা  দেওবাৰে তেলেংগনাৰ হায়দৰাবাদত সম্পন্ন হয়। প্ৰায়বোৰ ৰাজ্যতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিজেপিৰ বাবে এই বৈঠকৰ ৰাজনৈতিক গুৰুত্ব অপৰিসীম।

Advertisment

 দেওবাৰে বৈঠকৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালতে বিজেপিয়ে দেশত নতুন ৰাজনীতিক অধ্যায় সূচনা কৰিব। শ্বাহৰ মতে পৰৱৰ্তী ৩০-৪০ বছৰ বিজেপিৰ যুগ চলি থাকিব আৰু ভাৰতে 'বিশ্ব গুৰু'ৰ মৰ্যদাও দিব।

শ্বাহে কয় যে বিগত নিৰ্বাচন আৰু উপা নিৰ্বাচনৰ ফলাফলে বিজেপিৰ বিকাশ আৰু মানুহে যে দলক স্বীকৃতি দিছে সেয়া প্ৰমাণ দিছে লগতে  দেশৰ ৰাজনীতিৰ পৰিয়ালবাদ, জাতিবাদৰ সমাপ্তি ঘটনাই নতুন বিকাশৰ সূচনা কৰিছে।

শ্বাহে কয় বিজেপিয়ে তেলেংগনা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যৰ পৰা পাৰিবাৰিক শাসনৰ সমাপ্ত কৰিব আৰু অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু উৰিষ্যা আদিও শাসনলৈ আনিব।

উল্লেখ্য যে, দক্ষিণাত্যত বিজেপিৰ অগ্ৰাসী ৰাজনীতিৰ সম্প্ৰসাৰণ ঘটোৱাই এই বৈঠকৰ মূল লক্ষ্য। দেশৰ বিভিন্ন ৰাজ্যত হটবলগীয়া পৰৱৰ্তী নিৰ্বাচনত বিজেপিয়ে শাসনলৈ অনাৰ বাবে চেষ্টা কৰি গৈছে। ।যাৰ বাবে কৰ্মী সকলৰ মনোবৱ বৃদ্ধি কৰাৰ বাবে শ্বাহে চেষ্টা চলাই গৈছে। কিয়নো দক্ষিণাত্যত বিজেপিৰ আধিপত্য দলটোৰ বাবে অতি জৰুৰী।

আৰু পঢ়ক: 'মন' আছে 'ধন' নাই…

himanta biswa sarma bjp amit shah telengana