‘মন’ আছে ‘ধন’ নাই…

‘মন’ আছে ‘ধন’ নাই…

মৃদুল কুমাৰ সন্দিকৈ

মন আছে, ধন নাই। সেইটোৱেই সত্য। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা গুৰুতৰ। স্বাভাৱিক উন্নয়নৰ কাম-কাজ কৰিবলৈ নিশ্চয় ধনৰ প্ৰয়োজন হয়। তাতে প্ৰাকৃতিক দুৰ্যোগে এনে তাণ্ডৱ চলাইছে যে ক্ষয়-ক্ষতি হিচাপ নকৰিলেও ৰাজ্যৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পেলাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰাৰ ইচ্ছা আছে। তেওঁৰ কথা-বতৰাত সেই আভাস পোৱা যায়। কিন্তু কাম কৰিবলৈ কেৱল কথা-বতৰাই যথেষ্ঠ নহয়। কামৰ বাবে মনৰ উপৰিও ধনৰ প্ৰয়োজন। বানত ক্ষতিগ্ৰস্ত হৈছে ৫০ লাখৰো অধিক লোক। সেই লোকসকলক সাহায্যৰ প্ৰয়োজন।

সেই সাহায্য দিবলৈ চৰকাৰৰ ওচৰত ধন আছেনে? ধন থাকিলে ঋণ লোৱাৰ প্ৰয়োজন নাথাকে। পুনৰ ৰাজ্য চৰকাৰে ধাৰ ল'ব ওলাইছে। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হাত পতা নাই। হাত পাতিব বিচাৰিছে ৰিজাৰ্ভ বেংকৰ ওচৰত। ১০০০ কোটি ধাৰ লাগে চৰকাৰক।

বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য দিবলৈ সেই ধনৰ প্ৰয়োজন। নতুনকৈ ১০০০ কোটি টকা ঋণ বিচাৰি শোচনীয় বিত্তীয় পৰিস্থিতি মোকাবিলা কৰিবলৈ বিচাৰিছে এই চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ঋণ লোৱাটো বেয়া কথা নহয়। কিন্তু অসমত বৰ্তমানলৈকে ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'বগৈ ১ লাখ ১০ হাজাৰ কোটি।

সেই শোচনীয় অৱস্থাৰ মাজতো চৰকাৰে ৰাজ ভঁৰালত যে ধন নাই সেয়া লুকুৱাই ৰাখিব খোজে। চৰকাৰে দাবী কৰে ধনৰ অভাৱ নাই। ২১ জুন ২০২২ ত ১০০০ কোটি টকাৰ ধাৰ লোৱা হৈছিল। তাৰপাছত ২৮ জুন ২০২২ ত আন ১০০০ কোটি টকা ধাৰ লোৱা হ'ল।

৫ জুলাই ২০২২ ত পুনৰ ল'ব ১০০০ কোটি ঋণ। যদি ধন আছেই তেনেহ'লে প্ৰতি মাহে মাহে ঋণৰ কিয় প্ৰয়োজন? ৰাজ্যৰ আচল বিত্তীয় পৰিস্থিতি যদি বেয়া তেনেহ'লে কেন্দ্ৰক ক'ব লাগে। বানপানীৰ বাবে আমাক ধন লাগে। বছৰি ৮০০০ কোটি টকা সুদৰ নামত দিব লাগে চৰকাৰে।

এটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২০০০ কোটি টকা ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষটো ১৮০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমত মাহী আইৰ চকুৰে চায়। নিৰ্বাচন আহিলেহে অসমলৈ মৰম জাগে।

ইমান ডাঙৰ বানপানী হোৱাৰ পাছতো না প্ৰধানমন্ত্ৰী আহিল, না গৃহমন্ত্ৰী আহিল। মোডী, অমিত শ্বাহে বেয়া পাব বুলি মৌন হৈ থাকিল অসমৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সযোগে বান, ভূমিস্খলনৰ সমস্যা সমাধানৰ বাবে ক্ষীপ্ৰভাৱে ব্যৱস্থা ল'বলৈ উপায়ুক্তক কঠোৰ নিৰ্দেশ দিয়ে।

দুৰ্যোগ প্ৰশমন পূঁজিৰ অধীনত পাৰিতোষিক সাহায্য হিচাপে জিলা উপায়ুক্ত সমূহৰ নামত মঞ্জুৰি দিয়া ৫৯ কোটি টকাৰে কি কি কৰা হ'ল? ইমান খেলি মেলিৰে বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা কিয় হ'ল সেয়াও বিচাৰ্যৰ কথা।

মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক নীতি-নিৰ্দেশনা দিলেও বন্যাৰ্তক ক্ষয়-ক্ষতি দিবলৈ এতিয়া কিমান ধন মজুত আছে। যি বৃহৎ পৰিমাণৰ ধন প্ৰয়োজন হয় সেয়া ৰাজ্যৰ এছডিআৰএফৰ শিতানত থকা ধনেৰে জোৰা মৰাটো কেতিয়াও সম্ভৱ নহয়।

এনে খবৰো ওলাইছে শেহতীয়া কভিডৰ নামত ৩০০ কোটি টকা এই শিতানৰ পৰাই ব্যয় কৰা হৈছিল। খাদ্য-,সামগ্ৰী যোগান ধৰা, বান সাহায্যৰ সামগ্ৰী দিয়া বা মথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰে পাবলৈ আছে যথেষ্ঠ ধন। ২০১৯ চনৰ পৰাই সেই ধন পাবলৈ থকা ঠিকাদাৰক উপায়ুক্ত সকলে হাতে ভৰিয়ে ধৰিব লগা হৈছে।

তেনে এক পৰিৱেশ পৰিস্থিতিত বহু উপায়ুক্তই হাত দাঙি দিব লগা হৈছে। তাৰ পাছতো হিতাধিকাৰী সৃষ্টিৰে চমক দিয়াৰ নামত যিবোৰ আঁচনি ঘোষণা কৰা হৈছে সেই আঁচনিবোৰে বিজেপিক সুৰক্ষিত কৰিব কিন্তু ৰাজ্যৰ প্ৰগতিত কোনো অৰিহণা নযোগাই কোনোদিনে।

এইবোৰ কথা থাপি থুপি থৈ দিলেও এদিন জানো ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ কথা পোহৰলৈ নাহিব। কিমান দিনলৈ আমি কেৱল ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিম? হিতাধিকাৰী সৃষ্টিৰে আমি আমাৰ অৰ্থনীতিক কুঠাৰঘাত কৰিছো। উৎপাদনক্ষম এক আৰ্থিক ব্যৱস্থাৰ বিপৰীতে চৰকাৰে দিব দিব জাতীয় এক মানসিকতা গঢ়ি তুলিছো।

কেন্দ্ৰক কিয় আমি দাবী জনাব পৰা নাই যে লাখ লাখ কোটি টকা বানত নষ্ট হোৱা এই ৰাজ্য খনৰ বাবে এক সবল আৰ্থিক পেকেজ আমাক লাগে। কিমান দিনলৈ ঋণ লৈ এই টনা-টনিৰে ৰাজ্য আৰু চলিব? কেমেৰাৰ চমকেৰে জানো মুখ্যমন্ত্ৰীৰ কৃপা দুই এজনক দিয়া সেই দৃশ্যবোৰ দেখুৱাই ৰাজ্যৰ প্ৰকৃত সমস্যাবোৰক এৰাই চলিব পৰা যাবনে?

এনেকৈয়ে থাকিলে, এনেকৈয়ে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলে ধৰুৱা হৈ হৈ এদিন অসমো শ্ৰীলংকা হ'বলৈ বেছি দিন নালাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে ঋণ ল'ব লাগে। ঋণ লোৱাটো ভাল কথা। উন্নয়নৰ বাবে ঋণ ল'ব পৰা ক্ষমতা আছে বাবে অসমে ধাৰ ল'ব।

মুখ্যমন্ত্ৰীয়ে হয়তো জানে বলদেৱ মহন্তৰ "কাৰ সুখ নাই" সেই কবিতাটো। যিটো কবিতাৰ প্ৰথম শাৰী আছিল সুখ "নাই, সুখ নাই কতো ধৰুৱাৰ"।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in