সোণাপুৰত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন...

সোণাপুৰত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন...

author-image
Asomiya Pratidin
New Update
সোণাপুৰত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন...

ডিজিটেল সংবাদ, সোণাপুৰ : বৃহস্পতিবাৰে সোণাপুৰত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়,কামৰূপ মহানগৰ জিলাৰ বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সহযোগত বৃহস্পতিবাৰে সোণাপুৰৰ বিভিন্ন বিদ্যালয়ত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়।

Advertisment

উক্ত দিৱসৰ লগত সংগতি ৰাখি সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ হেমন্ত কুমাৰ শৰ্মাৰ নেতৃত্বত এক শোভাযাত্ৰা উলিওৱা হয়। উক্ত শোভাযাত্ৰাত খণ্ড কাৰ্যসূচী প্ৰৱন্ধক কৌশিক বৰুৱা, মেলেৰিয়া পৰিদৰ্শক পূৰ্ণ কোঁৱৰ, সুকুমাৰ চক্ৰৱৰ্তী, বি চি এম নৱনিতা ডাউকাকে ধৰি ধাত্ৰী, মেলেৰিয়া ক্ষেত্ৰকৰ্মী আৰু আশাকৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে সোণাপুৰ জ্ঞানজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডেংগুৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। লগতে এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ বিতৰণ কৰা হয়।

উক্ত সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মনপতি ডেকাকে ধৰি অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী, স্বাস্থ্য প্ৰশিক্ষক উপাসনা শৰ্মা, স্বাস্থ্যকৰ্মী অৰ্চনা দাস কলিতা, পৰাগজ্যোতি গোস্বামী উপস্থিত থাকে। ইয়াৰোপৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আঁঠুৱা ঔষধিকৰণ, প্ৰচাৰ পত্ৰিকা আদি বিতৰণ কৰা হয়। এনদৰেই আজি ৰাষ্ট্ৰীয় ডেংগু দিৱসটি সফলতাৰে পালন কৰা হয়।

Also Read: ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক…

National Dengue Day sonapur