/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/340f4e92-7612-4636-b718-36fbd82ef98a/chir_copy.jpg)
ডিজিটেল সংবাদ,চিৰাং : সমগ্ৰ দেশৰ লগতে অসমতো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয় কংগ্ৰেছৰ প্ৰতিবাদ। বৃহস্পতিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7da17f8c-5067-4379-85f2-72d0e52c144b/ac006db0_4426_4b7d_8e95_030ea5da35a6.jpg)
চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। প্ৰতিবাদকাৰীসকলে দুৱাৰ্চ অতিথিশালাৰ পৰা সমদল কৰি উপায়ুক্ত কাৰ্যালয়ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে চিৰাং জিলাকেন্দ্ৰৰ সন্মুখত আৰক্ষীয়ে বাধা প্ৰদান কৰে।
সমদলকাৰী কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে আৰক্ষীৰ সন্মুখতে বিভিন্ন শ্লোগান দিয়ে। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰক,মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাত ব্যৰ্থ বিজেপি চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়, জাতীয় কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f8d11142-9aa2-4210-9b3f-c3e3ce6c2703/e54f599d_7336_47ab_98e6_7facbfd475f6.jpg)
প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিচৰে পৰা দেশত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শিশু খাদ্য, পেট্ৰ'লিয়াম জাতীয় ইন্ধন, ৰন্ধনগেছ আদি কৰি সকলোতে অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰে দুখীয়া জনসাধাৰণক মাধমাৰ সোধাই কোঙা কৰি পেলাইছে । বিৰোধী পক্ষই যদি ৰাইজৰ হৈ এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে তেনেহ'লে বিজেপি দলৰ চৰকাৰখনে মূল্যবৃদ্ধিৰ সন্দৰ্ভত বিভিন্ন আভুৱা মৰা কথাৰে মূল্যবৃদ্ধিৰ দৰে জলন্ত সমস্যাক সমাধানৰ নামত কেৱল প্ৰতিশ্ৰুতি পিছত প্ৰতিশ্ৰুতি দি গৈছে বুলি অভিযোগ উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/03ae9b25-4bc9-45ec-b53b-41ebc8a748dc/5e4174e3_707b_4f51_9c50_e9b7300e5e63.jpg)
প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে,শাসনাধিষ্ঠিত চৰকাৰখনে কেৱল উন্নয়নৰ কথা কলেই নহ'ব। মূল্যবৃদ্ধিৰ দৰে জলন্ত সমস্যাক যদি এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাস্তৱ ক্ষেত্ৰত সমাধান নকৰে, তেনেহ'লে জাতীয় কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে অধিক জোৰদাৰ প্ৰতিবাদী আন্দোলন কৰি যাব।
Also Read: পশ্চিম বংগৰ ৰে'ল লাইনত উদ্ধাৰ তিতাবৰৰ যুৱকৰ মৃতদেহ