পশ্চিম বংগৰ ৰে'ল লাইনত উদ্ধাৰ তিতাবৰৰ যুৱকৰ মৃতদেহ

পশ্চিম বংগৰ ৰে'ল লাইনত উদ্ধাৰ তিতাবৰৰ যুৱকৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
পশ্চিম বংগৰ ৰে'ল লাইনত উদ্ধাৰ তিতাবৰৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ,তিতাবৰ : কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে। ৰে'ল লাইনৰ কাষত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।

জানিব পৰা মতে, বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপনৰ উদ্দেশ্যে গৈ থকা অৱস্থাত আদবাটতে ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাৱটি ল'লে তিতাবৰৰ আদিত্য দাসে। চেন্নাইত কাম কৰিবলৈ বুলি যোৱা ২৩ জুলাই দেওবাৰে ঘৰৰ পৰা চুবুৰীয়া দুগৰাকী লোকৰ সৈতে ৰে'লেৰে ৰাওনা হৈছিল বেকাজান এশঘৰীয়া গাঁৱৰ যুৱক আদিত্য দাস (২৬)।

কিন্তু পশ্চিমবংগৰ দুৰ্গাপুৰৰ কোনো ঠাইত ৰে'ল লাইনৰ কাষত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হয় আদিত্য দাসৰ মৃতদেহ। বৰ্তমান ঘটনাটোক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আদিত্য দাসৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে। আদিত্য দাসক কোনো লোকে ৰে'লৰ পৰা গতিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়াল আৰু স্থানীয় লোকে।

বৃহস্পতিবাৰে পুৱা আদিত্যৰ পৰিয়ালৰ লোক গৈ পশ্চিমবংগত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত স্থানীয় বেকাজান আৰক্ষী চকীক অৱগত কৰিছে।

সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবী জনাইছে আদিত্য দাসৰ মাতৃ, পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে। সম্প্ৰতি ঘটনাটোৱে তিতাবৰৰ বেকাজান এশঘৰীয়াত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্যযোগ্য যে উক্ত ঘটনাৰ পূৰ্বেও বিভিন্ন সময়ত অসমৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা ভালেসংখ্যক লোকৰ মৃত্যু হৈছে।

Also Read: ছিণ্ডিকেটৰ ধনঃ সকলোৱেচোন কৰে মন...

west bengal West Bengal Police Assam police titabar